Friday, 24 January 2014

তুমি Face Book-ত Online আহিবা আহিবা বুলি

তুমি Face Book-ত Online আহিবা আহিবা বুলি
পাৰ কৰি দিও মই ঘণ্টাৰ পিছত ঘণ্টা, দিনৰ পিছতো নিশা
নালাগে কৰিব Like নতুবা Comment
কৰিলেই হ’ল Share দুখৰ সুখৰ
কোনে কৈছে ভাগ্যৰ লেখা সলনি কৰিব নোৱাৰি
ভাগ্যৰ ছৱি প্ৰতিষ্ফুত নহোৱালৈকে অন্তঃত সলনি কৰিব পাৰি
মাথো এবাৰলে মোৰ হৃদয়ৰ ভাষা বুজা
য’তি পেলাই দিব পাৰো মই তোমাৰ য’ত যন্ত্ৰণা
জানো, তোমাৰ লগত মোৰ ভালদৰে চিনাকিয়েই হোৱা নাই
তথাপি কিয়বা এনে লাগে তুমি নাই যেন ময়েই নাই
Face Book-তেই তোমাৰ Account নাই, সঁচা
তথাপিতো ৰৈ আছো মই আশাপালি
আজি খুলিবা আজি খুলিবা, Online আহিবা Online আহিবা বুলি

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment