Friday 31 January 2014

আপোন-পাহৰা

বিশাল ব্ৰহ্মপুত্ৰখন আজিও দ্ৰুতবেগেৰেই বৈ গৈছে
তাৰে বালিচৰত বহি কোনোবাই স্মৃতিৰোমন্থন কৰিছে
পশ্চিমৰ আকাশত ৰঙা বেলিটোৱে বগা মেঘৰ পৰা বিদায় মাগিবলৈ লৈছে
নিজ ভাৱতে আপোন-পাহৰা হৈ সি অস্ত বেলিৰ প্ৰতিচ্ছৱি চাইছে
চিনাকি অচিনাকি নাওঁৰীয়াজনেনো কেতিয়া নাওঁ বান্ধিলে গমকেই নাপালে
এআচুল পানী ছিটিকি পৰাতহে শান্ত মনত অশান্ত বিৰাজিলে

.... যজ্ঞেশ্বৰ নাথ

ফুল

ফুল এপাহ, বৰ ধূনীয়া
ৰদত জিলিকে
বতাহত হালি জালি থাকে
কেতিয়াবা লাজ-লাজকৈ মাতে, আহা বুলি

ওচৰলৈ গলে সুগন্ধিত আকৰ্ষিত হওঁ
মনে নামানে, পাবলৈ ইচ্ছা যায়
ছিঙিবলৈ বিচাৰতেই কাইটে বিন্ধিলে
দুখ পালো, বেজাৰো লাগিল

বেচেৰী ফুলপাহৰনো কি দোষ
সিতো ছিঙিব কোৱা নাছিল, মাতিছিলহে
মোৰেই ভুল 
ভাবিলো, ফুল আৰু কেতিয়াওঁ নিছিঙো

.... যজ্ঞেশ্বৰ নাথ

যাদু

এতিয়াই তোমাৰ ভাৱনাত শিল গলে
নিসিজা চাউলো সুস্বাদু লাগে
জানো, তোমাত এনে কি যাদু ঐ
এতিয়াও দেখোন I Love You বুলিয়েই কোৱা নাই

.... যজ্ঞেশ্বৰ নাথ

Thursday 30 January 2014

সাৱধান

ভালপোৱাৰ চৰাই এটি হৈ মন আকাশত নুউৰিবা
বন্দী কৰি থব পাৰো প্ৰেমৰ পিঞ্জৰাত
মোৰ মাতত ভোল গৈ নিজ সমাজ পাহৰিলে
দোষী বুলি মোক পিছত কেতিয়াও নকবা

.... যজ্ঞেশ্বৰ নাথ

Wednesday 29 January 2014

মনৰ মৰম

মনে-মনে মৰমেনো কাক বিচাৰে মোৰ মনেহে জানে.......

.... যজ্ঞেশ্বৰ নাথ   

ভিন্নতা

তাৰ ২০ টকাটো হেৰাল
অনাহাৰত উজাগৰী নিশা এটা সংগী হ

ইয়াৰ ২০০০ টকা হেৰাল
সুখত নিশাটোৱে টোপোনি গ

তাৰ হেৰোৱা ২০ টকাটো বিচাৰি পালে
আনন্দত যোৱানিশাটোকেই পাহৰিলে

ইও ২০০০ টকাটো বিচাৰি পালে
ইহে শুলে কিন্তু নিশাটো সাৰে থাকিলে

.... যজ্ঞেশ্বৰ নাথ 

ভালপোৱা, বেয়াপোৱা আৰু সম্বন্ধ

ভাল পালেও ভাললগা সকলো কথা খুলি কব নোৱাৰি
বহুতো কথাই লুকুৱাও বেয়া পাবা বুলি
বেছিভাগ এই ভালপোৱা আৰু বেয়াপোৱাৰ মাজৰ কথাইহে কিন্তু ভালপাওঁ আমি

আচলতে ভয়
ভালপোৱাৰ ভয় বেয়াপোৱাৰ ভয়
এটা সম্বন্ধৰ ভয়

আইয়ে শিশুক ভাল পায়
খংত গালিও দিয়ে, বেয়াও পায়
শিশুয়েও ভয় খায়
আইয়েও ভয় খায়

সঁচাক ভালপাও কিন্তু ভয়ও খাও
মিছাক বেয়াপাও তথাপি ভয় খাও

ভয় থকা ভালপোৱাবোৰহে ৰঙীন
কিন্তু ভয় নথকা বেয়াপোৱাবোৰ খঙাল

এই ভালপোৱা আৰু বেয়াপোৱাৰ দোমোজাত পৰি
বহু ভালপোৱাই বেয়াপোৱা হয়
আৰু বহু বেয়াপোৱাই ভালপোৱা হয়

কেতিয়াবা আকৌ ভয় হয়
এই ভালপোৱা বা বেয়াপোৱাবোৰ সঁচা নে মিছা

জানো, কিমান ভালোপোৱা সম্বন্ধ এটাৰ উচ্চসীমা
আৰু কিমান বেয়াপোৱা সম্বন্ধ এটাৰ নিম্নসীমা

.... যজ্ঞেশ্বৰ নাথ 

বিজ্ঞাপন

/ বহুদিনেই লিখা গান এটা আছে
   -সুৰ বিচাৰি শিল্পীৰ প্ৰয়োজন
/ জাতিষ্কাৰ বাৰী এখন আছে
   -কোমল হাতৰ মালী স্বাগতম।
/ বলিষ্ঠ সামাজিক নাট এখন আছে
   -পৰ্দা দাঙিবলৈ কুশলী লাগে
/  দ দিবলৈ বেলি আছে
   -ছাঁ দিয়া গছৰ দৰকাৰ হৈছে।

বিঃ দ্ৰঃ:- অনভিজ্ঞই অগ্ৰাধিকাৰী।

.... যজ্ঞেশ্বৰ নাথ