আগনিশালৈ ৰাসপথাৰত ভাওনা চাই
শেষ নিশালৈ বিলাসীপাৰাত সকলোৱে শুই আছিল।
মোৰ কাণত সেই শেষনিশাও ভাওনাৰ গীতে
খুন্দা মাৰিছিল। এলাৰ্ম হৈ মোবাইলত।
নিশান্ততে মই সন্তৰ্পণে উঠি
(আইকো নজগালো, জানো হাজাৰ মাতিলেও আইয়ে
এতিয়াই নুঠে)
আজান দিয়াৰ আগতেই যাত্ৰা কৰিলো পূৰ্ব্বদেশ
বুলি।
ভাওনাতে আগনিশাই লম্ভা সেই অসুৰটো
তেতিয়াওঁ মোৰ গাৰ পৰা গুছা নাছিল
আৰু গোটেই যাত্ৰা পথতে এই অসুৰটোৱে মোক
দিগদাৰি দি আছিল।
এন্ধাৰ ভেদি ভেদি কুৱলী ফালি ফালি পৰিবহণ
নিগমৰ বাছৰ দূৰন্ত গতি
এফালে আইৰ অনুপস্থিতি আৰু আনফালে
অসুৰটোৰ অসহ্যকৰ দিগদাৰি।
তেতিয়াহে মোৰ আইয়ে সাৰ পাইছিল যেতিয়া
আমাৰ বাছখনে গৈ যোগীঘোপা পাইছিল আৰু নৰনাৰায়ণ সেতুৰ খুটাৰ ফাকে ফাকে, দোকমোকাই
কপালত সেন্দুৰ আকি সদ্যস্নাতা হৈ আয়ে, মোৰ ফালে চাই মিচিকিয়াই হাঁহিছিল।
(গোটেই আকাশতে আইৰ শুভ্ৰ তিতা শাৰীখন
মেলি দিয়া আছিল আৰু আঁচলৰ পানী পৰি ব্ৰক্ষ্মপুত্ৰৰ বুকুয়েদি খৰস্ৰতা হৈ ভটিয়াই
বৈছিল)
আইৰ উপস্থিতিত কিজানি অসুৰটোয়ে ভয়
খাইছিল আৰু সেয়ে হবলা সি লাহে লাহে পলাব লৈছিল
আৰু এই সাহতে মইও বুকুখন ফুলাই চাৰ্টৰ
ওপৰৰ বুটামটি খুলি দিলো।
শ্ৰীসূৰ্য্য পাহাৰৰ ওপৰেৰে তেতিয়া বেলি
উঠিছিল
আৰু মই বাৰে বাৰে চাইছিলো কোনখন
খিৰিকিৰেনো ফিৰফিৰিয়া বতাহজাক সোমাইছিল
এনেতেই উকি মাৰি মাৰি ট্ৰেইন এখন জানো ক’ৰ পৰা আহিছিল আৰু আমাৰ লগতে গৈ আছিল
ট্ৰেইনখন ইমানেই কাষেৰে গৈছিল যে অলপদূৰ
একেলগে যোৱাৰ পিছতে
বাছখনৰ খিৰিকিৰে গৈ মই ট্ৰেইনখনত উঠি
দিলো।
চাওঁ, বাদাম এপেকেট দিয়াচোন?
বাদাম খাই খাই মই বাহিৰলৈ চাইছো
পাহাৰলৈ চাইছো আকাশলৈ চাইছো
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ চাইছো, তাৰ
ওপৰেৰে যোৱা গাড়ীবোৰ চাইছো
একেই নম্বৰৰ সেই পৰিবহণ বিভাগৰ বাছখনকো
চাইছো
চাই আছো
খাই আছো
গৈ আছো
কিন্তু ট্ৰেইনখন মোৰ দৃষ্টিৰ ঠিক আঁতৰ
হোৱাৰ লগে লগে
তাৰ পৰা নামি আকৌ বাছখনত আহিলো।
ভাবিছো কবিতাই এটা লিখিব পৰা যায় নেকি
কেজেৰিয়ালক কিন্তু মানিব লাগিব দেই!
অহ, খুটিতো পোতাই আছে, উভতিয়েই পৰহি
ভলিত ধৰিম আবেলি
ধেৎ,
বাছখননো কেলেই ৰৈ ৰৈ গৈছে সময়ত গৈ নাপামেই নেকি ?
তেতিয়াহে গৈ পূৰ্ব্বদেশ পাইছিলো
যেতিয়া বেলিৰ উঠণকোণ প্ৰায় পঞ্ছাছ
ডিগ্ৰী হৈছিল
তথাপি আনদিনাৰ দৰে সিদিনা ইমান ব্যস্ততা
নাছিল
তেতিয়াও মহানগৰখন ভালদৰে সাৰেই পোৱা
নাছিল
কাৰণ যোৱানিশা ইয়াতে শণিবাৰ উৎযাপিত হৈছিল।
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment