Friday, 24 January 2014

হোষ্টেলৰ এনিশা

হোষ্টেলৰ এনিশা
চাৰিজন বন্ধুৰ ৰঙীন আড্ডা
এলান্দুয়ে আৱৰা ফেনৰ তলত
বিভিন্ন কথাৰ মহলা
কাৰোবাৰ প্ৰেমৰ, কাৰোবাৰ বিষাদৰ
কাৰোবাৰ কাল্পনিক, কাৰোবাৰ বাস্তৱ
মাজৰ মেজখনত হুইষ্কি আৰু বিয়েৰৰ বটল
ৰঙা-নীলা মনত জ্বলন্ত চিগাৰেটে
প্ৰেৰণা দিছে অশ্লীল কথাৰ
নিচাৰ ৰাগীত কেতিয়াবা কথাৰ কটাকটি
আৰু কেতিয়াবা গুজৱ উঠা হাঁহি
কাৰোবাৰ চঁকু মোবাইলৰ ব্লু-ফ্লিমত
আৰু কাৰোবাৰ বমি বিছনাৰে ওপৰত
কোনোবা মজিয়াতে দীঘল দিছে
আৰু কোনোবা ছোৱালী হোষ্টেললৈ ফোন লগাইছে
হেল্লো, .....মই...ম...ই...........
..................................
দুৱাৰত টক্ টক্ টক্
এঘাৰো বজাতো নুঠা গাধ বুলি
হোষ্টেল ৱাৰ্ডেনৰ প্ৰাতঃসম্বৰ্থনা
চঁকু মোহাৰি মোহাৰি কোনোবাই উত্তৰ দিছে
ছৰি ছাৰ, ছৰি, আ-মানে
আজি ছানডেতো, সেইবাবেই

....ණ যজ্ঞেশ্বৰ নাথ


No comments:

Post a Comment