Thursday 17 April 2014

বিষয়ঃ কিবা এটা

শণিবাৰে শণিবাৰে ৰাতি
সি কিবা আবোল-তাবোল বকে
বহুতেই প্ৰথমতে ধেমালি বুলি ভাবিলে আনকি
ঘৰতো প্ৰথমতে যৌৱনৰেই দোষ বুলি কলে
লাহে লাহেহে আটাইৰে দুঃচিন্তা বাঢ়িলে বাঢ়িবই
বহুতো নামী-দামী চিকিৎসাবিজ্ঞানী, মনোবিজ্ঞানী
সকলোৱে যে হাৰ মানিলে!

তাৰ মতে,
তাৰ ওচৰলৈ হেনো শণিবাৰে শণিবাৰে ৰাতি, কিবা এটা আহে
অবুজ কিছুমান কথা কয়
হাঁহে
পিছফালৰ পৰা সাৱটি ধৰি
বিকট চিঞৰ মাৰে
ঘূৰি চালেই নাইকিয়া হয়!

টোপোনিতো যুঁজ কৰে
গলত তাক টিপা মাৰি
চোঁচোৰাই চোঁচোৰাই
শ্মশানলৈ টানে
বলিশালত বান্ধে!

তাৰ আৰ্তনাদ কোনেও শুনি নাপায়
হাজাৰ চিঞৰিলেও হেনো মুখেৰে মাত এটাও নোলায়
যেতিয়াই সেই কিবাটোৱে তাক এৰি থৈ যায়
ক্ষত-বিৱস্ত্ৰ অৱস্থাত নিজকে সি বিছনাৰ তলত পায়!

কিমানযে পূজা! কিমানযে নৈবদ্য!
কিমান সেৱা, কিমান ধূপ-ধূনা-চাকি
কিমান কবিৰাজৰ মন্ত্ৰ পানী
নাই!
বাকী দিনবোৰ ঠিকেই থাকে
ৰাতি হলেই শণিবাৰে আকৌ তেনে কৰে

আজিওতো শণিবাৰ!
থুঃ থুঃ থুঃ

ধেই, কি যে কথা এইবোৰ!
মোৰ বাৰু বিশ্বাস নহয় নে হয়?
নাই নাই
মই এইবোৰ বিশ্বাস নকৰো
এহ্,
১২ বজাৰ পিছত দেওবাৰ । 

.... যজ্ঞেশ্বৰ নাথ 

Wednesday 16 April 2014

জীৱন বাট

বাট এটাৰে গৈ গৈ
আঁত হেৰালোঁ
পথ হেৰাই
ঘাট পাহৰিলোঁ
উভতিৱ খোজোতেই
অবাট পালোঁ

এনেদৰে মাজ বাটত আঁত হেৰোৱা
ঘাট-পথ হেৰাই অবাট পোৱা
মোৰ অভ্যস্থ জীৱনত সাধাৰণ কথা।

সিদিনাৰ কথা….
অবাট এটাৰে গৈ গৈ
আঁত বিচাৰি পালো
পথ বিচাৰি
ঘাট পালোঁ
পাৰ হৈয়েই
বাট পালোঁ

.... যজ্ঞেশ্বৰ নাথ 

মই কিয় আত্মহত্যা নকৰো

ধাৰ্মিক দৃষ্টিৰে...

জীৱহত্যা মহাপাপ।
আত্মহত্যাও আন একো নহয়
আত্মহত্যাও পাপ

আইনৰ দৃষ্টিৰে...

হত্যাকাৰী সদায় অপৰাধী।
মই অপৰাধী ' নোখোজো
আত্মহত্যা সম্পন্ন কৰি
নশ্বৰ দেহক থানালৈ নেঠেলো
মই ঘৃণিত ' নোখোজো

সামাজিক দৃষ্টিৰে...

সম্বন্ধ এটাক মাউৰা কৰি মই
আত্মহত্যা নকৰো।
মোৰ বাবেই ঠন ধৰা আনক মই
বিশ্বাসঘাতকতা কৰিব নোৱাৰো
মই অবিশ্বাসৰ পাত্ৰ হব নোখোজো

কাব্যিক দৃষ্টিৰে...

এডাল চিপজৰীয়ে কি বুজে জীৱনৰ মমতা
এবাটি বিষেও নাজানে জীয়াই থকাৰ কি মাদকতা
জ্বলা জুইয়েও নিদিয়ে সেই আগতীয়া বাৰ্তা
আত্মহত্যাৰ যে কিমান বিভিষীকা!

বাস্তৱ দৃষ্টিৰে...

জীৱন যাতনা সহ্যকৰ। জীৱন যাতনাত কৰো মৃত্যু নহয়।
কিন্তু মৃত্যু যাতনা ভয়ংকৰ। মৃত্যু যাতনাত প্ৰাণ হেৰায়

নৈতিক দৃষ্টিৰে

জাতিংগাৰ চৰাই নহওঁ মই।
জীৱশ্ৰেষ্ঠ মানৱ।
তথাপি ধৰি ললো মই আজি আত্মহত্যা কৰিম। অৰ্থাৎ জীৱনক এতিয়া বেয়া পাওঁ মই।
তেন্তে ইমান দিনে কিয় আত্মহত্যা কৰা নাছিলো? ইমানদিনে কিয় জীৱনক ভালপাই আছিলো?
মানে, তেতিয়াই জীৱনক ভাল পাই মই এক ভুল সিদ্ধান্ত লৈছিলো
আৰু সেই ভুল সিদ্ধান্তৰেই বলি হৈ আজি আন এক সিদ্ধান্ত!
কিন্তু মই নিজে ভুল হৈ আত্মহত্যা কৰাৰ মোৰ কোনো এতিয়া নৈতিক অধিকাৰ নাই

মোৰ দৃষ্টিৰে

কষ্টকৰ, বিৰক্তিকৰ, যন্ত্ৰণাকৰ জীৱন হলেওঁ
আনৰ দৃষ্টিত মই হেয় নিবিচাৰো
মৃত্যুৰ পিছতো সমালোচোনা নোখোজো
আত্মহত্যা সম্পন্ন কৰি
কাপুৰুষত্বৰ মই আখ্যা নিবিচাৰো
সেয়ে,
মই কেতিয়াও আত্মহত্যা নকৰো

.... যজ্ঞেশ্বৰ নাথ 

তেওঁ

তেওঁ আহে
যায়
সঘনাই
চালে দেখি নাপাওঁ
চুলেও ঢুকি নাপাওঁ
অথচ
তেওঁ আহে
যায়
সঘনাই

অশৰীৰি নহয়
সশৰীৰি তেওঁ

.... যজ্ঞেশ্বৰ নাথ 

এইবাৰ বিহুত ঘৰলৈ যাম

এইবাৰ বিহুত ঘৰলৈ যাম
ব’হাগজনী হৈ থাকিবাচোন
দুহাত উপচাই লৈ যাম তোমালৈ
হেপাহ আৰু
সপোন

ইয়াতনো কি আছে কি নাই
সকলো আছে
অথচ একোই নাই

আকাশ ইয়াতো আছে
ব’হাগ ইয়াতো আছে
কিন্তু
পথাৰো নাই
বিহুও নাই
যিদৰে মই আছো
অথচ তুমি নাই

বহুদিনেই হ’ল ঘৰলৈ যোৱা নাই
ৰৈ ৰৈ তোমাৰ টোপোনি ভঙা
গৈ গৈ আকৌ থমকি ৰোৱা
সকলো আঁতৰাম মই
চ’তৰ অন্তত অপেক্ষাৰো অন্ত
ব’হাগলৈ বেছিদিন নাই

.... যজ্ঞেশ্বৰ নাথ 

ব’হাগ

এই ন’  ব’হাগেহে বাৰে বাৰে প্ৰেৰণা দিয়ে
নহ’লেতো,
কোন কাহানি চততেই বছৰ য’তি পৰে!

.... যজ্ঞেশ্বৰ নাথ

এবাৰ

এবাৰ নৈ এখন ওলোটি বৈছিল
পাৰ আৰু পানীৰ বাহিৰে তেতিয়া
কোনেও গমে পোৱা নাছিল

বহুদিন পিছত যেতিয়া আনে জানিছিল
নৈখনৰ তেতিয়া কোনো সোঁতেই নাছিল

.... যজ্ঞেশ্বৰ নাথ 

স্মৃতি

স্মৃতি গুচি গল।

স্মৃতি থাকি গ’ল!

.... যজ্ঞেশ্বৰ নাথ 

কত থাকেনো সি

গাঁওখনত গৈ টুকুৰিয়াই সুধিলো
ইয়াতেই আছেনে সি?
হুমুনিয়াহ কাঢ়ি সকলোৱে দুখেৰেই কলে
চহৰতহে থাকে আজিকালি সি।

চহৰখনত ৰৈ কলিং বজাই সুধিলো
ইয়াতেই থাকেনে সি?
এপদ এপদকৈ গোটেই চহৰখন উদঙাই কলে
গাঁওৰ পৰা সি এতিয়াওঁ অহাই নাই।

নিজে নিজকে এইবাৰ মনে মনে সুধিলো
কত থাকে বাৰু আজিকালি সি?
অনুভৱ এটি উৰি আহি কলে
মনৰ মাজতে থাকে এই সুখটি।

.... যজ্ঞেশ্বৰ নাথ 

মদাহী

মদৰ নিচাত মাতাল হৈ সি জনা নাছিল
জীৱনৰ কিমান মূল্য
বিকল লিভাৰেৰে এতিয়া আই.চি.ইউ.ত বুজিছে
এই জীৱন সঁচাই অমূল্য

সি কৈছিল…
জীৱন যাপন নহয়
সদায় উৎযাপনহে কৰিব লাগে

আৰু
সদায়ে উৎযাপন কৰা জীৱন এতিয়া যাপনৰে অযোগ্য!

.... যজ্ঞেশ্বৰ নাথ

এপ্ৰিলফুল

আনে এপ্ৰিলফুল সজালে ভাল নালাগে
কিন্তু কিমানবাৰ যে এপ্ৰিলফুল সজালোঁ নিজে নিজকে!

হিচাপেই নাই
দিনো নাই মাহো নাই!

বেছিভাগেইতো জনাকৈ
হয়তো, কাচ্ছিৎহে নজনাকৈ!

.... যজ্ঞেশ্বৰ নাথ

ৰাগী

তোমাৰ পূৰঠ হাতেৰে মোৰ স্পৰ্ষিত হব মন
দুহাতেৰে এবাৰ চুই চাবা নেকি, মোক
আসঃ, তৰ্জনীৰ কিযে সেই নিপুণ কলা!

প্ৰতিটো মিঠা ঘঁহনিত মই উত্তেজিত হওঁ
ৰাগীয়াল হোৱা নেকি তুমিও, মোৰ সুৱাসত
ধেইৎ, ভালপাওঁ অ’ তোমাৰ খহটা দুহাত।

আহানা মিলি যাওঁ তোমাৰ ভোকাতুৰ ওঠত
সিৰাই সিৰাই ৰিমৰিমাই এবাৰ তুমিও অনুভৱ কৰা
ইচ্, কিযে মিঠা এই নিচা!

(বিঃ দ্ৰঃ:- সাধাখোৱা স্বাস্থ্যৰ পক্ষে হানিকৰ)

.... যজ্ঞেশ্বৰ নাথ

ব'হাগী চিন্তা

উপাদান: কুঁহিপাতেৰে ভৰা গছ এজোপা

পৰিৱেশ: হাগৰ কোনোবা এটি নিজান দুপৰীয়া

'হাগী চিন্তা: মইও যদি কেনেবাকৈ গছ এডাল হলোঁহেতেনে
        দিথকবোৰে চাগে মোকো সেউজীয়া কৰিলেহেঁতেন!

.... যজ্ঞেশ্বৰ নাথ