Friday, 24 January 2014

প্ৰেমৱাক

কাইলৈ ৰাতিপুৱা অলপ সোনকালে উঠিবাচোন
বেলি উঠা চাব যাম
বহুদিন গাত ঔষধি বতাহ ছটিওৱা নাই
এন্ধাৰ পোহৰৰ দোমোজা চোৱা নাই
পোহৰৰ লাজত কিদৰে তৰা লুকুৱায় তাকোতো দেখা নাই
অলপ সোনকালেই উঠিবাচোন
প্ৰেমৱাকত যাম

অনুৰাধাৰ ফুটপাথত দুৱৰি অনৰ্থক
মোৰ গাওঁলৈ আহিবা
কাৱৈ চেঙেলীয়ে কিদৰে নিয়ৰত নাচে
চাক্ষুষ চাই যাবা
নুশুনো সেই নগৰৰ কাউৰীৰ কা কা
মোৰ চুবুৰীলৈ আহিবা
তামোল গছত যুৰীয়া শালিকিৰ
প্ৰেম-প্ৰীতি চাবা

জানা কুকুৰাৰ ডাকত তোমাক কামাখ্যাৰ সাধু কব মন
দুয়ো একেলগে শেৱালী বুটলাও বহুদিনৰে মন

নৈৰ পাৰতে আমাৰ প্ৰেমৱাক সামৰিম
যাওঁতে মাথো তুমি ধানপাতবোৰ চাবা
নিবিচাৰিলেও প্ৰভাতী পক্ষীৰ কিৰিলি শুনিব পাবা
অদৃষ্ট নহয় শিশুৰ ধেমালি
অশ্ৰাব্যও নহয় ৰুণ
জাক জাক মাছুৱৈয়ে মাত লগাবই দিয়াচোন

অলপ সোনকালেই উঠিবাচোন
তোমাৰ সতে কাইলৈ প্ৰেমৱাকত যাম
বেলি উঠা চাম

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment