Saturday 30 August 2014

কামনা

সিওতো এখন নৈ।
দুখ লাগে জানা
যেতিয়া, ভৰ বাৰিষাতো থাকে সি শুকাই ক্ষীণাই!

মুষলধাৰ এজাক তাৰ বাবেই আহক
পাৰ ভাঙি অবাধ্য হওঁক

.... যজ্ঞেশ্বৰ নাথ

নৈপৰীয়া দুখ

বৰষুণ ভাল পাবলৈ মই কোনোবা প্ৰেমিক নহয়
নহয় ফাগুনৰ কোনো শুকান লেঠেঙা
প্ৰতিটো গাজনিত বুকুখন কপে
কি ঠিক
কোন টোপালে বা পঁজাটি উটুৱাই নিয়ে

আকৌ......
খেতিতেই শেষ আশা
বৰষুণ পৰিলেও দুখ
বৰষুণ নপৰিলেও দুখ

.... যজ্ঞেশ্বৰ নাথ 

হেঁপাহ

ঘৰত কোনো নাই, তথাপি...
কোনোবা যদি ওলায় আহি
ভয়ে ভয়ে সাজি-কাঁচি
আইৰ সেন্দুৰ এচিকুট চুৰি কৰি ললোঁ।
তোমাৰ নামত সেওঁতাখনি ৰঙাই
আইনাৰ সন্মুখত নিজকে এবাৰ লাজ-লাজকৈ চালোঁ

কইনা সাজত মোক বাৰু কেনেকুৱা দেখিব?

ঘৰত এইবোৰ কথা লে কিবা একো নুবুজেই জানা
কিবা কলেই কয়-
বিয়া পগলা হেনো হৈছো মই!

ঊফঃ !

’, তোমাৰ নামত লোৱা সেন্দুৰকোণনো এতিয়া কেনেকৈ মচোঁ
সেয়ে ছেলফি একপি তোমালৈ পঠিয়াই দিলোঁ, সঁযতনে ৰাখিবা
মাহঁতো আহিবৰ সময় হৈছে
মই যাওঁ, মুখখন ধুই আহোঁ হা?

.... যজ্ঞেশ্বৰ নাথ

ব’লা আধুনিকা গাঁওলৈ যাওঁ

লা আধুনিকা গাঁওলৈ যাওঁ
পথাৰ চাওঁ
কাৰ পৰশত কেনেকৈ লখিমী জন্মে
সচঁক্ষুয়ে এবাৰ চাওঁ

গাঁওতনো কি কৰে
জীয়াক মাৰে, মৰাক জীয়ায়
দুহাত-দুভৰিৰ নিপুন কলাত
ফৰিঙে লাজ পাই উৰে

নুপুৱায়ে ৰাতি,
নাঙলখন লৈ মানুহজনে দহ ভৰিৰে খোজ দিয়ে
পুৱাৰ কাম-বন সামৰি
প্ৰিয়জনেও জলপানী বান্ধে
আলিতে পিছলি আকৌ খঙত জ্বলি মৰে
টোপোলাৰ পইতাভাত কিন্তু তথাপিতো নসৰে
আধুনিকা,
তাকে ভালপোৱা বোলে

প্ৰখৰ দত কোনোৱাই ঘটে ঘটে পানী পিয়ে
তাকে দেখি কাৰোৱাৰ বুকুত
প্ৰেমৰ বৰষুণ সৰে

শেষত,
ভুল নুবুজিবা আধুনিকা
আকাশৰ পানীত পথাৰ নগলে
কপালৰ পানীতহে পথাৰ পমে

এনেকৈয়ে গাঁওত লাহে লাহে সেউজীয়াই প্ৰাণ পাই উঠে
সেই সেউজীয়াতে কিছুদিন পিছত সোণালী ৰং লাগে
আধুনিকা, গাঁওলৈ যাওঁ লা

.... যজ্ঞেশ্বৰ নাথ 

নৈ

নৈ এখনৰ কেতিয়াও নিজা পানী নাথাকে
নৈখনেদি পানী আহে আৰু যায়
কিন্তু নৈখনত সদায়ে পানী থাকে।
 
হয়তো এনে ধাৰণাতে ভিত্তি কৰি
গঢ় লৈ উঠিছে বহুতো বিত্তীয় প্ৰতিষ্ঠান!

অকণমান ভালপোৱাত মইও শুকাই যাম
ভালপোৱা ঢালিয়েই থাকা
মোৰো প্ৰেমৰ এখন নৈ মন

.... যজ্ঞেশ্বৰ নাথ