সংগোপনে কেতিয়াবা দেউতাৰ
চোলাটো পিন্ধি
আইনাৰ ফালে চাই নিজকে
সুধো
মই বাৰু কেতিয়া ডাঙৰ ল’ৰা হ’ম
জানে, দুখেই লাগে
কেতিয়াবা
দুৱাৰৰ ওপৰৰ খিলিটো
হাতেৰে ঢুকি নাপাও
বাথৰুমৰ আইনাতো নিজক
দেখি নাপাও
হোম-ৱাৰ্ক নকৰিলেও
শিক্ষকৰ গালি খাওঁ
আৰু মাৰ মানততো মই সদায়ে
বেয়া
হাজাৰ পঢ়িলেও বদমাছ
ল’ৰা
দেউতাৰ সেই ৰুদ্ৰুমূৰ্তি
চোৱাতকৈ মোৰ স্কুল যোৱাই ভাল
মাৰ শাসনবোৰো খোৱাতকৈ
আবেলি নেখেলাই ভাল
আপোনালোকোৰে বেছি ভাল
ৰাতিপুৱা দেৰিকৈ
উঠিলেও মায়ে চুপ-চাপ থাকে
অফিচলৈ নগলেও ঘৰত
কোনেও গালি নাপাৰে
আকৌ ইফালে সন্ধিয়া ডবাত
কোব পৰিল কি নপৰিল
মা-দেউতাৰো কথোপকোথন
চলিল-সোণ কিয় এতিয়াও নাহিল
কোনেও যে নুবুজে এই
সোণৰ কি দুখ
নেওঁতা পঢ়ি পঢ়ি মাজে
মাজে ভাবো
মোকো যদি কোনোবাই কিহবাৰে
পূৰণ কৰিলেহেতেন
মোৰ বয়সো কিজানি এই বান্ধোনৰ
বাহিৰ হ’লহেতেন
ককাইদেউলৈ চালে দুখেই
লাগে
ডাঙৰ ল’ৰাবোৰলৈ ঈৰ্ষা জাগে
মা-দেউতালৈতো খঙেই
উঠে
ইটো নকৰিবি সিটো
নকৰিবি
অ’ত নাযাবি ত’ত নাযাবি
আৰে, মই কিবা চিৰিয়াখানাৰ
বন্দী জন্তু নেকি
মই আৰু বেলেগ একো
নিবিচাৰো
কেৱল মাথো অলপ স্বাধীনতা
লাগে
নিজৰ মতে কৰিব পৰা
নিজৰ মতে ফুৰিব পৰা
হকা-বধা কিন্তু মই কাৰোৰে
মানিব নোখোজো
উঃফ, কেতিয়া যে এইবোৰ
কৰিব পাম
জানো, কেতিয়া যে মই
ডাঙৰ লৰা হ’ম
চিলা উৰোৱা এই বয়সত
মোৰ চিলা হ’বৰ
মন
আকাশত উৰি উৰি
ভাগৰুৱা হ’বৰ মন
ধূনীয়া ধূনীয়া চিলাক
দেখি মোৰো কবৰ মন-
.................................
ধেই ধেই ধেই, ইছ্
প্ৰভু কি যে বকিছো এইবোৰ
মায়ে শুনিলে দিব
কিন্তু চাওঁ
দেউতাৰ চোলাটো খুলি
থওঁ
....ණ যজ্ঞেশ্বৰ নাথ
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment