Friday, 24 January 2014

কিয়

বুদ্ধ মন আজি কিয় স্তব্ধ হ’ল?
বহুত চেষ্টাতো ৰুদ্ধ নহ'ল।
তুচ্ছ-অনুচ্ছ ভাৱতো কিয় ক্ষুব্ধ হ’ল?
শান্তযেন মন দগ্ধ হ'ল।
নগ্ন ভাৱত কিয় বিভোৰ-বিচ্ছিন্ন হ’ল?
শুদ্ধ চিন্তাধাৰা আঁতৰ হ’ল।
ৰক্ত পাবলৈ কিয় ইচ্ছা হ’ল?
শান্তিৰ ভক্তি নুমাই গ’ল।
বন্ধৰ ছৱি কিয় উন্মুক্ত হ’ল?
অলেখ নষ্টৰ লেখ নহোৱা হ’ল।
যুদ্ধ আজি কিয় অন্ত নহ'ল?
দুষ্টৰ জয় অক্ষুন্ন ৰ'ল।
যুক্ত আজি কিয় বিভক্ত হ'ল?
ঐক্যৰ বান্ধোন ছিন্ন হ'ল।
কিয় আজি কিয় 'কিয়' হৈয়েই ৰল?
কিয়ৰ কোনো উত্তৰ নহ'ল।

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment