মহানগৰীৰ কোন পথেৰে যাত্ৰা কৰো মই
মইযে গাঁৱলীয়া, নাজানো আকাশীপথ
মূৰতুলি কেতিয়াবা সপোন দেখিলেও
দেউতাক ক’বলৈ যে লাজেই লাগে
জলপথৰ কথাও নভৱা নহয়
কিন্তু মায়েও যে মোলৈ বহুত মৰম কৰে।
শেষত থাকিল স্থলপথ
কিন্তু তাতোযে আছে বহুতো উপপথ
কেতিয়াবা আকৌ পথৰ ওপৰতো পথ
অকোৱা-পকোৱা পথত ঘূৰি ঘূৰি মই
আদিতেই অন্ত পাওঁ
বাৰে বাৰে যে মই কেৱল
শূন্যকে সাৱটি লওঁ।
চাৰিআলিতোযে মই বিপাঙত পৰো
কোন পথেৰেনো যাত্ৰা কৰো
দীঘল দাড়ি-চুলিৰে মানুহজনে কৈছে
প্ৰথম পথটি হেনো দীঘলীপুখুৰীলৈ গৈছে
পথৰ ভিক্ষাৰীজনে কৈছে
দ্বিতীয়টি পথ হেনো নলাত পমিছে
দূৰৰ পৰা চালে মণিব পাৰি
তৃতীয়টি পথে বালিত মৰিচিকা বিচাৰিছে
তথাপি মোৰ সেউজী আশা
অন্তিম পথটিৰেই কিজানিবা......
ঘূৰি চাই দেখিলো, ইংৰাজীতে লিখা আছে
No entry…Only pass for
VIP.
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment