Sunday 23 November 2014

চিন্তনীয়

বানে-খোৰাঙে তাৰ সোণালী নহ
হালধীয়া চৰাইৰো বদনাম হ

বিনা মৰণাৰে খেৰ হ
কাৰোৱাৰ আঘোণ কেলেণ্ডাৰতে ৰ

শুনিছো,
অহাবাৰ আহাৰত হেনো সি আৰু নেপেলায় লুণীয়া ঘাম!

এয়াযে নহয় মাত্ৰ এটি উদাহৰণ
বহু গাঁওতে আজিকালি এনেকুৱাই হ

.... যজ্ঞেশ্বৰ নাথ

মদ

আন আজি মদকে খাওঁ
উমি উমি জ্বলা বুকুৰ বিষাদবোৰক
এলকহল ঢালি পুৰি পেলাওঁ

.... যজ্ঞেশ্বৰ নাথ

সম্পৰ্ক

অভিধানত বিচাৰি পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত
কথা হৈছিল মাথো এটা নতুন সম্পৰ্ক গঢ়াৰ
লাহে লাহে, লাহে লাহে
এটা নতুন সম্পৰ্ক গঢ়িও উঠিছিল!

কেতিয়াও নজনা কেতিয়াও নুশুনা এক অজান সম্পৰ্ক!

কিজানি অনুভৱহে কৰিছিলোঁ সেই নৱতম সম্পৰ্ক
কিন্তু নামকৰণ কৰাৰ ঠিক আগ-মুহুৰ্ততে
দুয়ো দুয়োকে হত্যা কৰিছিলোঁ।

ভুল নুবুজিব
অভিধানত বিচাৰি পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত

.... যজ্ঞেশ্বৰ নাথ

ক্ৰীড়া

হৰা-জিকা মানেইতো ক্ৰীড়া
ক্ৰীড়াত হৰা-জিকা থাকিবই
হাৰি হাৰি জিকা
জিকি জিকি হৰাৰো
আমেজ সুকীয়া

জীৱনততো হৰা-জিকা থাকে!
জীৱনো এক ক্ৰীড়া?

কিছুমান ক্ৰীড়াত হৰা-জিকা নাথাকে
হয়তো কিছুমান জীৱনতো হৰা-জিকা নাথাকে

তথাপি,
জীৱন আৰু ক্ৰীড়া
এয়াই এতিয়া মোৰ জীৱনক্ৰিয়া

.... যজ্ঞেশ্বৰ নাথ

কবিতাৰ অস্ত্ৰোপচাৰ

অজস্ৰ বেদনাত ছটফটাই থকা কবিতা এটাৰ এন্ধাৰ কোঠালিত ধিমিক-ধামাককৈ জ্বলা মমৰ পোহৰত অস্ত্ৰোপচাৰ কৰা হল। 

মমডাল কেতিয়াবাই নুমাই গ’ল।

কবিতাটোও কৰবাত হেৰাই গ’ল।

অন্ধকাৰ কোঠালিটোত এতিয়া সি নিজেই এটা কবিতা হৈ ৰল!

.... যজ্ঞেশ্বৰ নাথ

Saturday 13 September 2014

আহ্বান

আহা,
আহা
শেষবাৰৰ বাবে উটি যাওঁ নৈখনত
ঢৌতে এৰি দি সময়ৰ সোঁত
(
কি কৰিবা!!)
অন্তিমবাৰৰ বাবে তিতি চাওঁ বৰষুণত
তাৰ পিছত,
তাৰ পিছত
তুমি এপাৰত
মই আনপাৰত

.... যজ্ঞেশ্বৰ নাথ

Saturday 30 August 2014

কামনা

সিওতো এখন নৈ।
দুখ লাগে জানা
যেতিয়া, ভৰ বাৰিষাতো থাকে সি শুকাই ক্ষীণাই!

মুষলধাৰ এজাক তাৰ বাবেই আহক
পাৰ ভাঙি অবাধ্য হওঁক

.... যজ্ঞেশ্বৰ নাথ

নৈপৰীয়া দুখ

বৰষুণ ভাল পাবলৈ মই কোনোবা প্ৰেমিক নহয়
নহয় ফাগুনৰ কোনো শুকান লেঠেঙা
প্ৰতিটো গাজনিত বুকুখন কপে
কি ঠিক
কোন টোপালে বা পঁজাটি উটুৱাই নিয়ে

আকৌ......
খেতিতেই শেষ আশা
বৰষুণ পৰিলেও দুখ
বৰষুণ নপৰিলেও দুখ

.... যজ্ঞেশ্বৰ নাথ 

হেঁপাহ

ঘৰত কোনো নাই, তথাপি...
কোনোবা যদি ওলায় আহি
ভয়ে ভয়ে সাজি-কাঁচি
আইৰ সেন্দুৰ এচিকুট চুৰি কৰি ললোঁ।
তোমাৰ নামত সেওঁতাখনি ৰঙাই
আইনাৰ সন্মুখত নিজকে এবাৰ লাজ-লাজকৈ চালোঁ

কইনা সাজত মোক বাৰু কেনেকুৱা দেখিব?

ঘৰত এইবোৰ কথা লে কিবা একো নুবুজেই জানা
কিবা কলেই কয়-
বিয়া পগলা হেনো হৈছো মই!

ঊফঃ !

’, তোমাৰ নামত লোৱা সেন্দুৰকোণনো এতিয়া কেনেকৈ মচোঁ
সেয়ে ছেলফি একপি তোমালৈ পঠিয়াই দিলোঁ, সঁযতনে ৰাখিবা
মাহঁতো আহিবৰ সময় হৈছে
মই যাওঁ, মুখখন ধুই আহোঁ হা?

.... যজ্ঞেশ্বৰ নাথ

ব’লা আধুনিকা গাঁওলৈ যাওঁ

লা আধুনিকা গাঁওলৈ যাওঁ
পথাৰ চাওঁ
কাৰ পৰশত কেনেকৈ লখিমী জন্মে
সচঁক্ষুয়ে এবাৰ চাওঁ

গাঁওতনো কি কৰে
জীয়াক মাৰে, মৰাক জীয়ায়
দুহাত-দুভৰিৰ নিপুন কলাত
ফৰিঙে লাজ পাই উৰে

নুপুৱায়ে ৰাতি,
নাঙলখন লৈ মানুহজনে দহ ভৰিৰে খোজ দিয়ে
পুৱাৰ কাম-বন সামৰি
প্ৰিয়জনেও জলপানী বান্ধে
আলিতে পিছলি আকৌ খঙত জ্বলি মৰে
টোপোলাৰ পইতাভাত কিন্তু তথাপিতো নসৰে
আধুনিকা,
তাকে ভালপোৱা বোলে

প্ৰখৰ দত কোনোৱাই ঘটে ঘটে পানী পিয়ে
তাকে দেখি কাৰোৱাৰ বুকুত
প্ৰেমৰ বৰষুণ সৰে

শেষত,
ভুল নুবুজিবা আধুনিকা
আকাশৰ পানীত পথাৰ নগলে
কপালৰ পানীতহে পথাৰ পমে

এনেকৈয়ে গাঁওত লাহে লাহে সেউজীয়াই প্ৰাণ পাই উঠে
সেই সেউজীয়াতে কিছুদিন পিছত সোণালী ৰং লাগে
আধুনিকা, গাঁওলৈ যাওঁ লা

.... যজ্ঞেশ্বৰ নাথ