দোভাগ নিশা তোমালৈ মনত পৰিলে
খিৰিকিখন খুলি সন্মুখলৈ চাওঁ
এজাক জোনাকমিহলি মিঠা বতাহ সোমাই আহে
দুচঁকুত খুন্দা মাৰে শেৱালীৰ প্ৰতিফলিত
ৰশ্মি
অতীতলৈ উৰা মাৰে মোৰ আবেগভৰা মন
শুনা, কাইলৈতো লখিমী পূজা
তোমাৰ মনত বাৰু লখিমী কোন
কি ভাৱিছা বাৰু তুমি ইমান নিশাখন
এইয়া চোৱা, মই হাঁহিছো
তুমিনো কিমান কবি, মোক লৈ এটা কবিতা কোৱাচোন
কি হ’ল কোৱা আকৌ
সৌ যে জোনটো চাইছা, তাৰে শপত দেই
জীয়াই থাকো মানে আমি দুয়ো বছৰি ইয়াত
পূজা দিম হা
আৰু এটা কথা কওঁ
মন্দিৰত সেই লখিমীজনীক চাইছা
আমাৰ কাৰণেহে তাই লখিমী
কিন্ত তোমাৰ কাৰণে ময়েই লখিমী
উফঃ, তুমি একোই নামাতাই যাহ্
ঢাপ (তাইৰ হাতেৰে মোৰ পিঠিত এক মৃদু
খুন্দাৰ শব্দ)
ঢাপ(এক শব্দ)
জোৰকৈ বলা বতাহত খিৰিকিখন জাপ খালে
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment