তোমাৰ অগোচৰতেই তোমাক বহুতবাৰ পলুৱাই আনো
তুমি দেখোন একো গমকেই নোপোৱা
সুন্দৰৰ পৰা প্ৰায়ে তোমাক বুটলি আনো
আনি, আলফুলে ভাৱনাত দিথক আঁকো
আঁকোতে মোৰ তুলিকাৰ সাতোৰঙ ছিটিকি নিগৰি
সৰে
তোমাৰ গাত কিন্তু অকণো ৰং নালাগে
অৰ্থৰ পৰা সিদিনাও তোমাক সাৱটি আনিছিলো
মোৰ দুহাত দীঘলাবলৈ
আকাশলংঘী কিদৰে হাতৰমুঠি হৈছিল
উৱাদিশ জানো কিবা পালা তুমি
আচলতে তুমি একো গমকেই নোপোৱা শান্তি
কিমানবাৰ যে চুৰি কৰিলো তোমাক নিজান
নিজান ৰাতি
তোমাৰ সংগত অকলশৰীয়া হয়
দুৰ্বাৰ প্ৰেমিকা মোৰ অশান্তি
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment