Saturday, 25 January 2014

অৱশেষত আজি তোমাকো ভালপাই পেলালো

অৱশেষত আজি তোমাকো ভালপাই পেলালো
যদিও তুমি সুলভ
তোমাক ভালপোৱাটো কিন্তু বৰ দুৰ্লভ
সঁচাকে !

তোমাক হয়তো ভালপাবলৈ কোনেও চেষ্টাও নকৰে
যিদৰে মইও কৰা নাছিলো আগতে
তোমাক ভালপাই আজি মই যিমান ভাল পাইছো
হয়তো কাকো ভালপাই ইমান সুখী হোৱা নাছিলো
কেতিয়াও।

তোমালৈ মোৰ ভালপোৱা সদায়ে জাগক
তোমাক ভালপাব শিকিলেই মোৰ জীৱন সাৰ্থক
কাৰণ তুমিযে আন কোনো নহোৱা
মোৰেই বুকুৰ ঘৃণনীয় চঁকুৰ কুটা
বেয়াপোৱা’।

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment