জহকালিৰ জীয়া জুইত জ্বলি জ্বলিও তুমি
জীয়াই আছা
জাৰকালিও জাৰত কপি কপি জীয়াই ৰাখিছা
কৰ্মজীৱনততো তুমি এডাল মমবাতিয়েই হ'লা
নিজে জ্বলিলা, মোক পোহৰালা আমাক পোহৰালা
জীয়াই থকাৰ সাহস দিলা
সৰুতে মই তোমাক বহুতবাৰ জ্বলালো
বহুতবাৰ মানে বহুতেই বাৰ
এতিয়াতো মই যৌৱনত ভৰি দিলো ডাঙৰ হলো
এতিয়াও বাৰু মই কেতিয়াবা তোমাক জ্বলাইছো
নেকি
অজানিতে মই বাৰু ঘি হৈছো নেকি
এই কথাবোৰ ভাবি ভাবি মইও কেতিয়াবা বুকুৰ
কোনোবাখিনিত জ্বলি উঠো
মানিছো, সৰুতে যেনিবা নজনাকৈয়ে জ্বলালো
মৃত্যুৰ পিছত যে বাধ্যত পৰিয়েই জ্বলাব
লাগিব
কেনেবাকৈ তোমাক এই বৃদ্ধ অৱস্থাত নজ্বলাব
পৰা হলে.....
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment