Saturday, 25 January 2014

সুখ-দুখ

এয়াই যদি তোমাৰ সুখ
তুমি তেনে সুখী হোৱা মই কাহানিও নিবিচাৰো
দুখনো কোনে বিচাৰে সুখ ময়ো বিচাৰো
কিজানি তোমাৰ দৰে নহয়

তোমাৰ মাততেই মই সুখ ঢুকি পাওঁ
তোমাৰ খোজতেই মই সুখ বিচাৰি যাওঁ
সূৰ্য্যসম সচাঁ কথা। পালেও গলেও কিন্তু
তুমি তেনে সুখী হোৱা মই কাহানিও নিবিচাৰো

এৰা! মোৰ দুখত দুখী হৈনো তুমি আৰু কিমান সুখী হ’বা....

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment