ভালপোৱা
কিছুমানে একগোট হৈ
প্ৰেমৰ
কৰ্মশালা পাতিছে
তোমাৰ
মন বাকৰিত
থৌকিবাথৌ
মনত
ভাৱনাৰ
ৰাগী
আত্মকথনত
পৰিষ্ফুট
মিঠালাজ
ভয়
মনৰ
উত্তাপক কুৱলীয়ে তিতাব পৰা নাই
বয়সেও
চঞ্ছলতাক বান্ধিব পৰা নাই
এয়া
যে বহাগৰ সৰ্ববিশেষ আয়োজন
অভিনন্দন
থাকিল তোমালৈ
বৰ্ণাঢ্য
সেই অনুস্থানলৈ
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment