Thursday, 23 January 2014

দূৰ

বহুদূৰ বুলি জানিয়েই
বাট বুলিলো সাগৰলৈ

সুতিবোৰ যেতিয়া পাৰ হৈ আহিলো
চিনাকি নৈখন যেতিয়া এৰি থৈ আহিলো
মনত পৰে সেই বোকা থকা ঘাটটোৰ কথা
কেনেকৈ পাৰ হৈছিলো সেই নৈ দুভৰিত বোকা নলগাকৈ

সম্প্ৰতি মোৰ পৰা সাগৰলৈ যিমান দূৰ
উলটি চালে চিনাকি নৈখনো সিমানেই দূৰ

এতিয়া দূৰেই যদি মোৰ কাম্য
বিমোৰত পৰিছো
কাকনো আদৰো
দুয়োফালেই যে সমদূৰত্ব

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment