মোৰ বিষয়ে

ঠিক তেতিয়াই মই বৰ বিপাঙত পৰো যেতিয়া আনকি কোনো সাক্ষাকাৰতো সোধে যে " Tell me something about you", বৰ বিমোৰত পৰোঁ। মোৰ বিষয়ে মই সকলোখিনি জানো, অথচ তাৰে যথোপযুক্ত 'Something' ব্যাখ্যা কৰিবলৈ অপাৰগ হওঁ।

আচলতে নিজে নিজক উপস্থাপন কৰিব পৰাটো খুৱেই ডাঙৰ কথা। তাতোকৈ ডাঙৰ কথাটো হ'ল নিজে নিজকে চিনিব পৰাটো। সেয়ে 'মই কোন' বৰ এক জটিল প্ৰশ্ন।

কিন্তু 'আপুনি কোন', ইমান জটিল প্ৰশ্ন নহয়, কাৰণ আপোনাক মই চিনি পাওঁ, জানিও পাওঁ। বাটত, ঘাটত, ফোনত, ফেচবুকত সকলোতে। আপুনি বৰ মৃদুভাষী আৰু আপোনাৰ কথনশৈলীও কিন্তু সচাঁকৈ সলাগ লবলগীয়া। আপোনাৰ স্বভাৱসুলভ প্ৰাকৃতিক হাঁহি, ব্যৱহাৰত মই মুগ্ধ হওঁ। আপুনি বেয়াক বেয়া পোৱা মানুহ আৰু ভালক ভাল পোৱা মানুহ। ইমানবোৰ আপোনাৰ ভাল গুণ আছে, তথাপি কিন্তু আপুনি নিজকে কেতিয়াও ভাল মানুহ বুলি আখ্যা নিদিয়ে। কিন্তু আনে আপোনাক ভাল মানুহ বুলিয়েই কয়, ভাল মানুহ বুলিয়েই জানে।

আৰু আপুনি ? আপোনাকো মই চিনি পাওঁ। হয়তো প্ৰায় সকলোৱে আপোনাক জানে কিন্তু কোনেও নামাতে। হয়তো যান্ত্ৰিকতাৰ যুগ বুলিয়েই আপোনাক বহুতেই মাত নলগায় নাইবা বৰলক মিছাতে জোকাই একো লাভ নাই বুলি বহুতেই জানে। সেয়ে সেই মুষ্টিমেয় আপোনাৰ বন্ধু কেইজনৰ লগতেই আপোনাৰ ২৪×৭। কিয় জানে? কাৰণ, আপোনাৰ চিন্তাধাৰা, আপোনাৰ বিবেচনা, আপোনাৰ কৰ্ম সকলো সমাজ হানিকৰ। সেয়ে অকল মইয়েই নহয়, সমাজৰ সকলোৱে আপোনাক বেয়া মানুহ বুলিয়েই কয়। নাজানো আপুনি এইবোৰ কথা জানে নে নাজানে, কাৰণ নিজে নিজক জনাটো ইমান সহজ কথা নহয়।

সিহঁতৰ দৰে মই আপোনালোককো  জানো। যদিও বিতংভাৱে নহয়, কিন্তু চমুকৈ হলেও জানো, চিনো বা বুজি পাওঁ।

কি ঠিক? মই যিদৰে আন মানুহক চিনি পাওঁ, হয়তো আপুনিও তেনেকৈ আন আন মানুহক চিনি পায়।

আপোনাৰ মানততো মইও আন মানুহেই। আপুনি মোক যিদৰে চিনি পায়, সেয়াই মোৰ চিনাকি।

1 comment:

  1. ভাল লাগিল | সুন্দৰ প্ৰচেষ্টা...........................

    ReplyDelete