নিৰ্জনতাত এটি ক্ষুদ্ৰ জুপুৰী
বেৰে-চোতালে সেউজী বাগিচা
প্ৰাণী বুলিলে এজনেই মানুহ
অচিন ভাষাত কেতিয়াবা ৰিণিকি-ৰিণিকি মাত
আৰু কেতিয়াবা নিঃশেষৰ বিননি।
এখনি মেলা
আনন্দতে বেলুনবোৰে উৰি আছে
কোনোবা এটি চুকত মানুহজন বহিছে
দুই-এজনে এটকা-দুটকা যাঁচিছে
আৰু কোনোবাই খাই থকা জিলেপীৰ আধাটুকুৰা দলিয়াইছে।
শৱ এটিৰ কৱৰ দিয়া দ’ল
মানুহজন সবৰে আগত খোজ দিছে
যেন নিজৰেই প্ৰেয়সীহে ঢুকাইছে
পিছত থকা দুজনমানে ফুচ্-ফুচাই সুধিছে
কোন হয় বাৰু সেই মানুহজন?
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment