Saturday, 25 January 2014

প্ৰশ্নোত্তৰ

পৰিচয় কি?
    বিশৃংখল কিছুমান শব্দ
    কবিতাৰ সৃষ্টিত
    বিচাৰি ফুৰিছো ছন্দ

২/ আৰু স্থান?
    ভাৱনাত মোৰ বাস
    আশা কল্পনাহঁত ওচৰ চুবুৰীয়া
    ইমান দূৰো নহয় তোমাৰ পৰা
    চঁকু মুদিলেই দেখা পাবা

৩/ কি আছে ভালপোৱাৰ প্ৰমাণ?
    আৰুনো কি প্ৰমাণ লাগে কোৱা
    নপৰিলেনো তোমাৰ প্ৰেমত
    কিদৰে লিখো তোমাক লৈ সহস্ৰ কবিতা

৪/ কিমাননো ভালপোৱা?
    ভালপোৱা বুলিলে তুমিনো কি বুজা
    মাত্ৰ এবাৰ ভালপোৱাৰ চাৰিসীমা ব্যাখ্যা কৰা
    মইও কৈ দিম মোৰ প্ৰেমৰ গভীৰতা

তেন্তে কিয় ভাল লাগে কোৱা?
    কি ভাল লাগে সুধিলে
    লিখিলোহেঁতেন পৃষ্ঠা বহলাই
    কিন্তু দুঃখিত
    'কিয় ভাল লাগে'ৰ উত্তৰ মোৰ ওচৰত নাই

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment