কি পিন্ধিছা তোমাৰ কোমলকৈ দুকাণত
থুৰীয়া, লোকাপাৰো, জাংফাই থুৰীয়া নে
কেৰু
লতকাণ পিন্ধিলেও মই তোমাকেই ধুনীয়া দেখো
জোনবিৰি তোমাৰ বুকুত জুৰালে
ঢোলবিৰি চাগে ঈৰ্ষাতে মৰে
দুগদুগী গলপতা বুকুত ফুলিলে
মোৰ মনতো বহাগ বৰষে
জোৰোণৰ দিনা দুহাত ভৰাই কি পিন্ধিবা তুমি
গামখাৰু, মগৰমুৰীয়া খাৰু, সঞ্ছাৰুৱা
খাৰু নে বালা
গোটাখাৰু নিপিন্ধিলেও তোমাকেই আনিম দিয়া
আঙঠিৰ পৰশত তোমাৰ লিহিৰি আঙুলি লাজ
পাইছে চাঁ
বাখৰুৱা, শেনেপতা তোমাৰ ইখন হাতত
মৌৰানেজীয়া, জেঠিনেজীয়া সিখনত
নিপিন্ধিলেও নাই বাবৰিবাচা
এটা কথা জানি থোৱা
ৰভাথলীত তোমাক পদুমফুলীয়া পিন্ধাম
অনামিকা সযঁতনাই থবা....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment