কিমান চেষ্টা
বিফল হ’লে বাৰু ভাগ্যত বিশ্বাস হয়
আত্মবিশ্বাস
হেৰায়
শণিবাৰে মংগলবাৰে
ব্ৰত থকা হয়
গ্ৰহ-ৰত্নৰে
আঙুলি শুৱায়
কিমান
ক’ব গ’লে ভাগ্যত
বিশ্বাসী মই কোনো জ্যোতিষীও নহয়
কৰ্মত অবিশ্বাসী
কোনো নিষ্কৰ্মাও নহয়
সেয়ে কিজানি দুখ
লাগে
অসফল হলে
বাৰে বাৰে
বলীয়েতো হাতৰ জোৰ
চায়
দুৰ্বলীয়েহে হাতৰ
ৰেখা চায়
আৰু মই
বল দি দি এতিয়া দুৰ্বলী
ধেই
অন্ধবিশ্বাসীও
নহও মই বিজ্ঞান বিশ্বাসী
তথাপিও বিশ্বাস
হেৰায়
কৰ্মস্পৃহা লোপ
পায়
জানো, কিমান
চেষ্টা বিফল হ’লে ভাগ্যত বিশ্বাস হয়
বহুতেই কয়, ভাগ্য
বুলি একো নাই, ভাগ্যখিনি আচলতে এলাহৰ মাজত লুকাই থাকে
এৰা ! লুকাইয়ে থাকক লাগিলে, তথাপি কিন্তু ভাগ্যখিনি
কৰবাত থাকিয়েই যায়
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment