ফাগুনৰ সন্ধিয়া তোমাক মই বিচাৰি ফুৰো
অনুৰাধাৰ প্ৰত্যেকজনী ছোৱালীৰ মুখলৈ চাই
এইজনী তুমি.. উফঃ নহয়, সেইজনী তুমি.. বুলি
হাজাৰজনী ছোৱালীৰ মাজত মই মৰিচীকা দেখো।
তোমাৰ দুওঠত লাগি থকা হাঁহি আৰু নাকফুলিয়ে
ফাগুনী হৈ মোৰ সপোন গঢ়ায়
তোমাৰ দুচঁকুৰ সৰলতা আৰু অমায়িকতাই
প্ৰেৰণা হৈ মোৰ টোপনি ভঙায়।
অনুৰাধাৰ প্ৰত্যেকটো সন্ধিয়া কিম্বা আবেলি
বিচাৰি ফুৰো মই তোমাকেই চলাথ কৰি
অনুৰাধাৰ ফুটপাথ, অনুৰাধাৰ ষ্টপেজ
অনুৰাধাৰ আকাশ, অনুৰাধাৰ গোন্ধ
চিনাকি হোৱা মোৰ বহুত দিনেই হ’ল।
চিনাকি হোৱা নাই মোৰ তোমাৰ লগত ভালদৰে
যদিওবা কেতিয়াবা কিবা মাধ্যমেৰে
চিনাকি হব খোজো মই
মনেৰে
প্ৰাণেৰে।
তুমি মেৰুণৰঙী মেখেলা-চাদৰেৰে খোজ দিলে
চঞ্ছল হৈ উঠে অনুৰাধাৰ ফুটপাথ
আকাশেও সলায় বৰণ
গাভৰু হৈ উঠে গোটেই অনুৰাধাখন।
ফাগুনী বতাহে অনুৰাধাত তোমাৰ সুবাহ বিয়পায়
তোমাৰ লাহৰী খোজৰ ভাঁজ সেই সুবাহত ভাষ্কৰ্য্য হৈ ৰয়
অনুৰাধালৈ যিমানবাৰেই যাঁও
ডাঙৰ ডাঙৰ হৰ্ডিংবোৰত যেন তোমাকহে পাঁও
সেয়ে প্ৰত্যেকজনী ছোৱালীলৈ জুকিয়াই চাঁও
সঁচাকৈয়েই কিজানি তোমাকেই লগ পাঁও।
তোমাৰ অমিয়া মাতে অনুৰাধাত সুৰৰ ঝংকাৰ তুলে
কুলি কেতেকিৰ মাতো তাত নিষ্প্ৰভ হৈ পৰে
কবিয়ে পাহৰে কবিতা
গায়কেও গান।
আজি কিন্তু অনুৰাধাক ফাগুনে চঞ্ছল কৰিব পৰা নাই
ফাগুনে অনুৰাধাত মান হেৰুৱাইছে
কেৱল তোমাৰ বাবেইহে আজি অনুৰাধা চঞ্ছল
তুমি আছা বাবেই অনুৰাধাত ফাগুন আহিছে।
পাৰিলে আজি সন্ধিয়া বা আবেলি তুমি অনুৰাধাত ওলাবা
জনঅৰণ্যত মাথো ধুমকেতু নহবা
ফাগুনী এজাক হৈ আহিবা
বতাহত মোৰ উৰিবৰ মন।
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment