Monday 17 March 2014

ক্ষণস্থায়ী

হোলী গল।
এবাল্টি পানীতে সন্ধিয়া
দিনৰ ৰঙবোৰো উটি গল।

.... যজ্ঞেশ্বৰ নাথ

সেন্দুৰ

সিদিনা হোলী নাছিল
তথাপি তাত ৰং আছিল
হোমৰ গুৰিত এধানি ৰঙে
জীৱন আঁকিছিল

সেন্দুৰীয়া সপোনে প্ৰাণ পাই
তোমাৰ সেওঁতাত হাঁহিছিল
মোৰ জীৱন কাললৈ ম্যাদ থাকি
মোকো ৰঙাই থাকিল

আৰু
বজাৰৰ কোনো ৰঙে কেতিয়াও
জীৱন ৰঙীন কৰিব নোৱাৰে বুলি
বহুতৰে দাম্ভিক কথাৰ
সিদিনাই যতি পৰিছিল

.... যজ্ঞেশ্বৰ নাথ

কালক্ৰিয়া

ভৱিষ্যতৰ বাবেই
অতীতক লৈ
বৰ্তমানৰ অশান্তি।

.... যজ্ঞেশ্বৰ নাথ

বিষাদ

সুন্দৰ এটা কবিতা আছিল।
          ..................
ছন্দ, অৰ্থ সব আঁতৰি গল।
          ..................
সি এতিয়া বিচ্ছৃংখল শব্দৰ কোলাহল।
          ..................

.... যজ্ঞেশ্বৰ নাথ

মৰিচীকা

সকলো শেষ হৈ যোৱাৰ পিছতো সি কাষত আছিল
.......তাৰ নাম শূন্য আছিল। 

.... যজ্ঞেশ্বৰ নাথ

ওহ মই পগলাই

ওহ, মই পগলাই,
তোমাক হেৰুৱাই
নিবনুৱাৰ নাম পাই পাই
সুবুদ্ধি হেৰুৱাই পেলাইছো মই।
মই পগলাই

যথোচিত মই জ্ঞান হেৰুৱাইছো
বিবেক হেৰুৱাইছো
সপোন হেৰাই হেৰাই এতিয়া
দিথকো পাহৰিছো।

নিজক এৰিছো
আপোন ভূলিছো
সৰ্ব্বস্ব হেৰুৱাই
নিৰ্বাসন লৈছো।
মই নিৰুদ্দিষ্ট হৈছো

আৰুনো কিমান বল?
আৰুনো কিমান পল?
ধৈৰ্য্য ধৰি ধৰি
অপেক্ষা কৰি কৰি
ভাগৰি পৰিছো মই।
আত্মবিশ্বাস হেৰুৱাই
মতিভ্ৰম মই।
ওহ, মই পগলাই

.... যজ্ঞেশ্বৰ নাথ

এনেকৈয়ে

তেতিয়ালৈকে তাই বেয়া পোৱা নাছিল
যেতিয়ালৈকে তাইক ভালপাওঁ বুলি কোৱা হোৱা নাছিল
আৰু
এনেকৈয়ে এজন 'ৰাই বেয়া 'ৰাৰ নাম পাইছিল। 

.... যজ্ঞেশ্বৰ নাথ

হে নাৰী

তুমি নাৰী বাবেই তোমাক ভালপাওঁ আমি
হে নাৰী!
পুৰুষৰ পৰা ইয়াতকৈ ডাঙৰ আৰু কি বিচৰা তুমি?

.... যজ্ঞেশ্বৰ নাথ

প্ৰেম সমীকৰণ

+=১ 

.... যজ্ঞেশ্বৰ নাথ

বিনিময়

ভালপোৱাৰ কুঁহুমিয়া অনুভূতিবোৰ জানো
চঁকুলোৰেই মচিব পাৰি
সেয়ে ক্ষণস্থীয়া খং ঢালি আঁতৰি আহো
তোমাৰ স্বান্নিধ্যৰ সকলো কথা পাহৰি

মই জানো খঙত দুখ কৰিলে খং কমে
দুখত খং কৰিলে দুখ পাতলে

তথাপি
আৰুনো কিমান দিম নিজকে ফাকি
এয়া লোৱা
বেদনাৰ বিনিময়ত
মোৰ তপত চঁকুপানী

.... যজ্ঞেশ্বৰ নাথ

আঁচৰিত

এটুকুৰা সুখেও কেতিয়াবা
দুখৰ কাৰণ হয়
আঁচৰিত একো নাই
তোমাৰ প্ৰাপ্তিয়েই এতিয়া মোৰ
অতৃপ্তিৰ কাৰণ হব পায়

.... যজ্ঞেশ্বৰ নাথ

কি ঠিক

ৰং-ভৰ্তি পিচকাৰি এটা লৈ
কাইলৈ আকৌ এবাৰ যাম
হোলীৰ চলেৰে অলপ ৰং দিবলৈ
কি ঠিক?
এমুঠি ৰঙাৰ পৰশত কাইলৈ
বওতো পাৰা সেউজীয়া তুমি!

.... যজ্ঞেশ্বৰ নাথ

ৰং

সেই যে ৰং দিছিলা এবাৰ
আজিও মই ৰঙীন
খোজে প্ৰতি এতিয়া ফাকুয়েই উৰে
সদায় চৌদিশে হোলী হোলী লাগে

.... যজ্ঞেশ্বৰ নাথ

ইচ্

আজি হেনো ফাগুনৰ শেষ
ইচ্!
ৰৈ যা ৰৈ যা ফাগুন
কোৱাই নহল তোক কথা অশেষ

.... যজ্ঞেশ্বৰ নাথ

Sunday 2 March 2014

সৌজাক গঁড়

সৌজাক গঁড়
সুসজ্জ্বিত খৰ্গৰে হিংশ্ৰ জন্তু।
কাজিৰঙাৰ পাৰে পাৰে
বনে জংঘলে সিহঁতৰ
অগাধ বিচৰণ।
নিশা নিশাহে ঘূৰা এই জন্তুবোৰ আজিকালি উভৈনদী হ
কাচ্ছি কোনোবা পৰ্য্যটোকে দেখা জন্তুবোৰ আজিকালি
দিনতো দেখা হ’ল।

কঠিন ছালেৰে আবৃত এইজাক গঁড়ৰ দেহা
দেখাতো ভীষণ ক’লা
আন জন্তুলৈ কেৰেপেই নকৰে
যতেই পায় ঘাঁহ, তাতেই যায় ই।
সেয়ে কেতিয়াবা ভয়েই লাগে
শেষেই কৰি দিব কিজানি কাজিৰঙাৰ তৃণভূমি।

কোনোবাই কৈছিল, গঁড়ৰ খৰ্গ হেনো কাটি দিব লাগে, ঠিকেই কৈছিল।
এইজাক গঁড়ক মইও ঘৃণা কৰো
সেয়ে সুবিধা পালে মইও চিকাৰীয়েই হব খোজো

কিন্তু প্ৰকৃতিপ্ৰেমী এতিয়াও আছে!
গঁড়বোৰো সেয়ে বাছি আছে!
সংখ্যাও দিনক-দিনে বাঢ়িব ধৰিছে।

চাওঁকচোন,
ইমানবোৰ গঁড়ক মাত্ৰ কেইজনমান নিষ্ঠাৱান বনকৰ্মীয়ে
কিদৰে পোহৰা দি ৰাখিছে!
ভাৱিলেই আচৰিত লাগে।
হয়তো খৰ্গতকৈও ভয়াবহ সেই বনকৰ্মীৰ অস্ত্ৰ!
নাম কিজানি তাৰ ৰাজনৈতিক মন্ত্ৰ!!

কেইটামান গঁড় চিৰিয়াখানাতো আছে
শুকাই ক্ষীণাই ভোকতেই থাকে
আৱদ্ধ পকী বেৰৰ মাজত
চাই হলে ভালেই লাগে।
সেয়ে, সেইজাক গঁড়কো চিৰিয়াখানালৈ নিব লাগে
কাজিৰঙাখনো অলপ মুকলি হওঁক
ঘাঁহ-বনো অলপ গজক।

.... যজ্ঞেশ্বৰ নাথ

দুখ

কিহৰ দুখত অনুভৱে কবিতাৰ ৰূপ লয়
কাৰ বিৰহত বেদনাই চঁকুপানী হৈ বয়
সাগৰত ফুলা হে পদুমীৰ কলি
তুমি জানো বুজা এই কবিৰ কবিতাৰ আঁৰত কি

তুমিতো এখন নদী
এখন ভালপোৱাৰ নদী তুমি
আৰু সৰু নাওঁখনৰে এই কবি প্ৰেমৰ চিকাৰী
খৰালিত তোমাৰ ৰূপ দেখি কোনেনো জানে বাৰিষাত যে ইমান সংহাৰী

চকুঁৰ সন্মুখেৰেই ঢৌ খেলি খেলি আঁতৰি গুছি গলা
সাগৰত ওপঙি এতিয়া সুগন্ধি বিলাই আছে

বিষাক্ত মহামাৰীৰে এতিয়া কাৰ দেহে কৰে মৃত্যুৰে খেলা
ভটিয়াই গৈও জানো মূৰ ডাঙি এবাৰ উভতি চোৱা

.... যজ্ঞেশ্বৰ নাথ

Saturday 1 March 2014

অসহায় এই কবি

তেতিয়াৰ কবিতাটো এতিয়া এক কাহিনীত পৰিণত হ’ল
কোনোবা যোশস্বী অনুবাদকৰ প্ৰয়াস সফল হ

এতিয়া ই কাহিনীকাৰেই জনপ্ৰিয়
হেৰাই থাকিল তাৰ সকলো ছন্দ

খং উঠে এই অনুবাদকবোৰৰ ওপৰত
পৰৰ লিখনিতহে লোলুভ চঁকু

কিন্তু, অসহায় এই কবি
বেচেৰা, কবিতা এৰি অনুবাদকনো হয় কিদৰে সি

.... যজ্ঞেশ্বৰ নাথ