এইমাত্ৰ তোলা আপোনাৰ ছৱি এখন কেতিয়াও
আপোনাৰ নতুন ছৱি নহয়
মই ভ্ৰম বোকা নাই
বকিলেও, ছৱিয়ে মিছা নকয়
কাৰো
আপোনাৰো
নতুন ছৱি আমাৰ বহুতৰে নাই
এখন-দুখন কাৰোবাৰ থাকিব পাৰে উৱলি যোৱা
এলবামত
কোনোবাই স্কেন কৰি ৰাখিব পাৰে ডেক্সটোপ
বা লেপটোপত
খুব তাকৰৰহে আছে বুজন পৰিমাণত
যিমানেই আপোনাৰ দিন বাঢ়িছে
সিমানেই আপুনি পুৰণা হৈছে
আপোনাৰ চিন্তা, আপোনাৰ ৰুচি
আপোনাৰ মুখায়ৱ, আপোনাৰ ক্ষমতা
সকলো পুৰণা হৈছে
অন্তৰে বাহিৰে আপুনি পুৰণা হৈছে
ছৱিতো সদায় হুবহু
নতুনৰ নতুন
পুৰণাৰ পুৰণি
সেয়ে কওঁ
এইমাত্ৰ তোলা আপোনাৰ ছৱি এখন কেতিয়াও
আপোনাৰ নতুন ছৱি নহয়
....ණ যজ্ঞেশ্বৰ নাথ
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment