Friday 28 February 2014

ভৰষা

বৃত্তাকাৰে আৱৰি এন্ধাৰে ঘেৰে
মমডালৰ চৌপাশেও উদ্যত হৈ নাঁচে

এন্ধাৰলৈ তাৰ ভয় নাই
বিজুলীলৈহে ভৰষা নাই

বিজুলীয়েই দেখোন বুজি নাপায় তাৰ যাঁতনা
আনেনো কি বুজিব তাৰ হৃদয়ৰ বেদনা

.... যজ্ঞেশ্বৰ নাথ

Friday 21 February 2014

কইনা

স এটি সজাই তাইক
ফূৰ্তি কৰো আমি

সকলোৱে যিদিনা হাঁহে
অকল তাইহে উচুপে

দুখৰ লাভা তাইৰ কলিজাৰে উদ্গীৰণ ঘটে
নকইনা হৈ যেতিয়া স্বঘৰখন এৰে

.... যজ্ঞেশ্বৰ নাথ

তেতিয়াৰ ফাগুন

তেতিয়াৰ দিনতো ফাগুন আছিল
মাঘক আলফুলে বিদায় দি
বহাগক আঁদৰিছিল
উদাসীনতা
উন্মাদনাই
বুকুত খুন্দিছিল

কিবা যেন নাই কিবা যেন নাই লাগিছিল
তথাপিও কিন্তু বহুত কিবা-কিবিয়েই আছিল

জুমবান্ধি ল’ৰাবোৰে বগৰী পাৰিছিল
মহাজনৰ বাৰীৰ কঠালকলি হৰিছিল
গৰু চৰাইছিল
ধুলি উৰিছিল
বাঁহৰ আগত চিলা ছিঙিছিল
ল বান্ধি নৰাবাৰীত বাটিপখি খেদিছিল
আইৰ মনত কিন্তু বৰ ভয়ভাৱ আছিল
তেতিয়াৰ ফাগুনত সোপাধৰা আছিল

ককাৰ যাত্ৰাক ফাগুনে আগভেটি ধৰিছিল
সেয়ে ধুতিৰ আগ দাঙি দাঙি ছাইকেল ঠেলিছিল
তেতিয়াও আইতাৰ জাৰ গুছাই নাছিল
শুকান গোৱৰ
সৰা পাতত জুই জ্বলাইছিল
দূৰৈৰ পাহাৰ দাউ-দাউকৈ সন্ধিয়া জ্বলি উঠিছিল
আমাৰ মনত কিন্তু নিশা বৰ ভয়ভাৱ জাগিছিল
আইতাৰ ফাগুনত ভূত আছিল

দেউতাৰ পথাৰত আহুৰ হাল ঘূৰিছিল
আইয়ে খেতিৰ আলু তুলিছিল
পুখুৰীৰ মাছ
গড়ালৰ হাঁহ
বাৰীৰ তামোলে পূৰঠ হৈছিল
সকলোৰে মনত ফূৰ্তি আছিল
তেতিয়াৰ ফাগুনত ৰং আছিল

.... যজ্ঞেশ্বৰ নাথ

Monday 17 February 2014

ফাগুন

ফাগুননো কত নবয়
মোৰ বুকুতো দোলা দি যায়
অবুজ প্ৰেমিকা এজনী হৈ
উটুৱাই লৈ যায়

মনৰ পৰা মনলৈ
ধুলিৰ পৰা ধৰালৈ
সকলোৱেচোন ফাগুনতে উৰে
জানো, ফাগুনৰ এনে কি মায়া আছে

এই ফাগুনেই আকৌ মৰাপাত আনে
বা লগাই সৰাপাত কৰে
শেষত তাকো
নিপাত কৰে

তথাপি, ফাগুনেনো কি নানে
স্মৃতি বুটলি অতীত আনে
আশাৰ বতৰাৰে
বহাগ মাতে

.... যজ্ঞেশ্বৰ নাথ

প্ৰেমৰ সন্ধানত

ব্যস্ত মহানগৰীৰ ফুটপাথে ফুটপাথে
ৰঙা গোলাপৰ পাহে পাহে
গোটেই দিন আজি বিচাৰি ফুৰিলো
মোৰ ভেলেণ্টাইন ক’ত?

দীঘলীপুখুৰীৰ পাৰে পাৰে
ফুচকাৰ দোকানৰ আগে আগে
ছোৱালী হোষ্টেলৰ খিৰিকিয়ে খিৰিকিয়ে
বিচাৰি বিচাৰি চলাথ কৰিলো
মোৰ প্ৰেম কতো বিচাৰি নাপালো।

অকণমানি এজনে চিটিবাছত
আসন এৰি দি মোক কলে- দাদা বহক
মৰমেৰে ধন্যবাদ এটি দি মনতে ভাৱিলো
মোৰ অনুসন্ধান ইয়াতে সামৰোঁ
ভালপোৱা কি, এই কণমানিজনতে পালোঁ। 

.... যজ্ঞেশ্বৰ নাথ

Thursday 13 February 2014

ফাগুনী

ফাগুনী অ, আকৌ ফাগুন আহিছে
শিশু হওঁ শিশু হওঁ
চিলা উৰোৱাও আহ

ডাঙৰ হলেও লাজ নকৰিবি ঐ
ফাগুনী বতাহ এয়া
এইবাৰ চিলা মইয়েই হওঁ ফাগুনী
মাথো সূতাডাল ধৰিবি

ভালকে টানিবি অই সূতা
চিঙিব চাবি
হেৰোৱাৰ দুখত নহলে গোটেই বহাগ কান্দিবি

.... যজ্ঞেশ্বৰ নাথ

Monday 10 February 2014

আহাৰৰ আধিয়াৰী কৃষক

খং, দুখ আৰু অসামৰ্থ্যতাৰ মিশ্ৰণত
সি এক আহাৰৰ আধিয়াৰী কৃষক
পাইও হাঁহিব নোৱাৰে
কান্দিলেও যে কিবা হব, তাকো জানে

আৰু মই ?
সেই খং, দুখ, অসামৰ্থ্যতা,
আহাৰ, আধিয়াৰী কৃষকৰ পটভূমিত ৰচা
এক জীৱন্ত কবিতা।

.... যজ্ঞেশ্বৰ নাথ

Monday 3 February 2014

বন্ধুত্ব

ইমান সহজ হয় জানো বন্ধুত্ব
যে এটা ক্লিকতেই বন্ধু উপলব্ধ

ভাৱৰ অকণমান আদান-প্ৰদান আৰু
খুৱ বেছি Like, Share বা Comment

সংজ্ঞাও সলনি হ
সংখ্যাও সলনি হ

হওঁক হওঁক তেও, তেনেকে নহৈ যদি এনেকৈয়ে হয়
আপত্তি নো কিহৰ

.... যজ্ঞেশ্বৰ নাথ