শুকাই শুকাই ক্ষীণাই যোৱা নৈখনক বাৰু কি বুলি শান্তনা দিবা
এয়েই নেকি যে, নৈ ভুল নুবুজিবা
অলপ চলপ বতৰৰ খেলা আৰু বাকীখিনি মানুহেৰেই লীলা
দুখতো স্তব্ধ নোহোৱা নৈখন যেতিয়া শুকাই শুকাই ক্ষীণায়
বেয়া লাগিলেও বাৰু তোমাক প্ৰেৰণা যোগায় নেকি
যে ভাগৰিলেও জীৱনত আমি হাৰ মানিব নালাগে
এনেকুৱাই নৈবোৰ
পাৰত বহি কবিতা লিখো গান ৰচো
নাওঁৰীয়া হৈ বঠা মাৰো
জাল লৈ মাছ ধৰো
আৰুনো কি, নৈখনতো নৈয়েই
কৰিলোৱেই যেনিবা ভোগ তাৰ বাৰিষাৰ উঠন বুকু
লোভিলোৱেই যেনিবা প্ৰেৰণা চাই তাৰ খৰালিৰ দুবাহু
আমিহে মানুহ!!

....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment