অংক মই সৰুৰে পৰা ভাল পাওঁ
যোগ অংক, বিয়োগ অংক
পূৰণ অংক, হৰণ অংক
মোৰ খুবেই প্ৰিয়।
এতিয়া মই এজন ডিগ্ৰীৰ ছাত্ৰ
এতিয়াও মই অংক ভাল পাওঁ
এতিয়াও মোৰ অংক বিষয় আছে
কবলৈ গ’লে,
আগতকৈ মই এতিয়াহে বেছিকৈ ভাল পাওঁ।
আজি মই এটা নতুন অংক পাইছো
দেখাত সহজ, উত্তৰো উজু
কৰিব বিচৰাতহে গম পালো
অংকটো জটিল।
সমাধান কৰিবলৈ ওলালো
প্ৰথমে যোগেই কৰিলো
উত্তৰ চালো, মিলা নাই
মুহুৰ্ততেই বিয়োগ
চালো, সংখ্যাটো ঋণাত্মক হৈ থাকিল
হয়তো বিয়োগেই ভুল হৈ গ’ল
অথবা যোগেই কাল হ’ল।
অংকটো আকৌ এবাৰ পাতিলো
এইবাৰ পূৰণ কৰি চালো
দেখিলো, উত্তৰ বহুত বেচি হৈ গ’ল
হৰণ কৰি আকৌ চালো,
সংখাটো দশমিকাংশ হৈ গ’ল
হয়তো হৰণেই ভুল হৈ গ’ল
নাইবা পূৰণেই অবান্তৰ হ’ল।
বৰ্তমান মই ডিগ্ৰী সম্পূ্ৰ্ণ কৰিলো
অংকটোৰহে পিছে এতিয়াও সমাধান হোৱা নাই
অংকটো মই এতিয়াও চেষ্টা কৰো
দিনে-নিশাই প্ৰতিদিনে
কিন্তু যেতিয়াই জটিল অংকটো পাতো
মই নিজেই এটা জটিল অংক হৈ পৰো।
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment