Wednesday 14 May 2014

তেওঁয়েই তুমি

ৰং বিচাৰি ফুৰা তুলিকা এটি তেওঁ
সুৰ সন্ধান কৰা গীত এটি তেওঁ
হাজাৰ কাৰকৰ
কাৰণ এটি তেওঁ

কোন তেওঁ?

সাগৰৰ পাৰত টাইম মেচিন আছে নেকি?
নৈৰ পাৰৰ বগৰীজোপা সদায়ে ফলে
স্মৃতিয়ে ৰিঙিয়াই কাক মাতে?
এতিয়াও দুপৰীয়া তাত বাহী এটা বাজে

হওঁক তেও!

তেওঁয়েই তুমি
বাস্তৱ সন্ধানী এটি অৱাস্তৱ ফিৰিঙনি

.... যজ্ঞেশ্বৰ নাথ

ঘৰলৈ মনত পৰে

ঘৰলৈ মনত পৰে!
বিলাসী ফা
অত্যাধুনিক কোমল বিছনাতো
বিচাৰি নাপাওঁ মোক
আইৰ মাতৰ এধানি সুখ

আনুষ্ঠিকতাৰ জীৱন
স্ৰজিত সুখ
অহাই আহিছে
যোৱাই গৈছে
নাজানে কাৰ কিমান দুখ
হাহাকাৰি মনে গোপনে কান্দে
ঘৰলৈ মনত পৰে

চৌপাশে সপোনৰ ঘৰ
অঘোষিত প্ৰতিযোগিতা
ৰা
জিকা
স্বাৰ্থক সপোনেও দিব নোৱাৰে
সম্প্ৰিতিৰ সেই সুখ
মৰমৰ ঘৰখনৰ মুখ

নপোৱাৰো বেদনা দুখৰ
পাইও হেৰুৱা অসহ্যকৰ
পোৱাৰ বেদনা বিৰক্তিকৰ
তেন্তে জীৱনৰ সুখ '?
অবুজ মনে অকলে ভাৱে
ঘৰলৈ মনত পৰে

সুখ বিচাৰি স্বনিৰ্বাসনত
দুখক বুজি পালোঁ
বিনিময়ৰ ঘৰতো সম্পৰ্ক পাতিলোঁ
আপোন লো
একেলগে খালো
এটুপি ৰাগীৰো জীৱন ক্ষন্তেকিয়া
আপোন ঘৰৰ কথাই সূকীয়া

খালী হাততহে টকা সৰ্ব্বোস্ব
ভৰা জেপত মাথো জীৱনৰ অংশ
বুজি উঠিলো
নাখাকিলেও দুখী
থাকিলেও অসুখী
যান্ত্ৰিক জীৱনে মাথো এতিয়া প্ৰশান্তি বিচাৰে
ঘৰলৈ মনত পৰে!
 
.... যজ্ঞেশ্বৰ নাথ

মা

এই যে তোমাৰ পৰা ফোনকল এটা পালেই
মই বিৰক্তি হৈ উঠো
ভালকথা কিবা এটা কলেই
খং উঠো
খৱৰ এটা লবলৈও
পাহৰি থাকো
কিন্তু
ভাড়াঘৰৰ প্ৰতিটো সাজতে
তোমালৈ মনত কৰোঁ

আনে নিজৰ মাকক প্ৰসংশা কৰিলে
তোমাক লৈ মইও বুকু ফুলাও
বুজি উঠো
অনুভৱ কৰোঁ
মা কি বস্তু!
কিন্তু
নিজে কেতিয়াও আগতে তোমাক লৈ গৰ্ব নকৰোঁ
লাজ পাওঁ নেকি বাৰু?

আঁচলতে এই সকলোবোৰ কথা
তোমাৰ প্ৰতি থকা মোৰ কোনো ভালপোৱা নহয়
এয়া মোৰ নিচাহে!
কেতিয়াবা ভাল
কেতিয়াবা বেয়া

’, বহুদিন আগতে কোৱা তোমাৰ কথা এষাৰ মনত পৰিছে
তুমিযে কৈছিলা...
কোনো মাকে নিজৰ সন্তানৰ প্ৰতি একো আক্ষেপ নকৰে
মুখ ফুটাই এবাৰো ভালপাওঁ বুলি নকোৱাৰ বাবে
এবাৰ যদিমাবুলি মাতিছে
সেয়াই যথেষ্ট!

হয়নে মা?
জানো! তুমিয়েই জানিবা

.... যজ্ঞেশ্বৰ নাথ 

Saturday 3 May 2014

সাহিত্যৰো থাকে সীমা

সাহিত্যৰো থাকে সীমা
শ’ত-সহস্ৰজন সাহিত্যৰে ঢলি পৰিলেও
মৰ্মান্তিক কোনো লিখনিয়েও
গলাব নোৱাৰে সেই কুখ্যাত পাষাণৰ হিয়া

এটা গুলীতেই ছাৰখাৰ হয়
দিস্তাই দিস্তাই পৃষ্ঠা
এটা বোমাতেই ধ্বংস হয়
ৰিমে ৰিমে লিখা

কোনো সাহিত্যত সৰি নপৰে
উদ্যত পিস্তলৰ গুলী বা গোলা
নপমে কোনো পাষাণৰ হিয়া
এয়াই সাহিত্যৰ সীমা

মাৰণাস্ত্ৰই য’ত জীৱনৰ ভাষা
হত্যা-হিংসাই য’ত শেষ কামনা
সাহিত্য মাথো তাত এক
বৃথা প্ৰচেষ্টা

পুনঃশ্চ, মাৰণাস্ত্ৰৰো আছে সীমা
যিদৰে, সাহিত্যৰো থাকে সীমা

.... যজ্ঞেশ্বৰ নাথ

গধূলি

গৰখীয়া প্ৰেমিকজনৰ গৰুহাল ঢুকাল
উভতনি পথত ধূলিবোৰো লুকাল
এনেকৈয়ে তাত গধূলি হেৰাল

আপোনাৰ চহৰত পথাৰ আছে জানো?
মোৰ গাঁওতো গৰু নাই
গধূলি আজিকালি ক’তো নাই

এজাক গৰুৰ পদধূলিত
বাউলি হোৱা সেই পদূলিবোৰ নাই
আবেলি সন্ধিয়াৰ সন্ধিক্ষণো নাই

গধূলি আজিকালি ক’তো নাই
সকলোতে মাথোন ধূলি আৰু ধূলি
হয়তো এই ধূলিতে পোত গ’ল সেই মৰমৰ গধূলি।

.... যজ্ঞেশ্বৰ নাথ

এই গৰমত

এই গৰমত আপুনি ওলাই গ’লে
লগত নিবলৈ নাপাহৰিব এবটল পানী
পাৰিলে তাত মিহলাই লওঁক অলপ
নেমুৰস আৰু চেনি।

ছাতিকো কৰি লওঁক সদায়ে সংগী
লগত ৰুমাল বা টাৱেল এখনি
বগা কপাহী কাপোৰেৰে গোটেই গা’টোকে আভৰক
তেহে থাকিব পাৰিব ইউ. ভি. ৰশ্মিৰ পৰা বাচি

বজাৰৰ শীতলপানীৰ পৰা আঁতৰি থাকক
সাধাৰণ জোতা-ছেণ্ডেলো পৰিত্যাগ কৰক
সুস্থ দেহ এটি ধৰি থাকিবলৈ সদায়
বিশুদ্ধ চামৰাৰ জোতা-ছেণ্ডেলহে পিন্ধক

তথাপিতো কিন্তু আপুনি বাচিব নোৱাৰিব ইমান গৰমৰ পৰা
উফঃ, কি কৰিব ই যে গ্ৰীষ্ম ঋতুৰ মায়া!
সেয়ে, সদায় ঠাণ্ডা মন এটি লৈ ফুৰক
ইয়ে বহুখিনি দিব আপোনাক সকাহ।

.... যজ্ঞেশ্বৰ নাথ

এটা কাল্পনিক কবিতা

কবিতা এটা
ৰসে ৰঙাপৰা
যেন টিকটিকিয়া এক পকা মাটিকঠাল

আস! কি যে সোৱাদ!
যিমানেই চোবাও সিমানেই মিঠা পাওঁ
যেন নোচোবাকৈয়ে গিলি থওঁ!

আহিনৰনো কি সুৱাহ ?
কবিতাটিৰে আমোলমলায়
কাব্যিক চৌপাস

.... যজ্ঞেশ্বৰ না

আজি সন্ধিয়া গুৱাহাটীত

হঠাৎ আকাশলৈ চাই দেখো তিৰবিৰ নাই
ফিৰফিৰ এজাকে কলে-
আকাশো যে পৰিছে ক’লা ৰদত জ্বলি-পুৰি
সেয়ে চিৎকাৰিছে প্ৰচণ্ড শব্দ কৰি।
চেচাঁ এটোপালে মোৰ ছালখনকে কৈ গ’ল
কলৈকো নাযাবা তুমি
টোপ টোপকৈ সৰিব ধৰাৰ ঘাম আজি।

.... যজ্ঞেশ্বৰ নাথ

নিচা

এপিয়লা ৰাগীত
গান এটা বুৰাই পেলালোঁ।

এতিয়া সি এক ভাৱগধুৰ কবিতা।

গানৰো থাকে বহু সপোন
সুবিধা পালেই সলায় একখেয়ালী জীৱন।

.... যজ্ঞেশ্বৰ নাথ