তুমি তেনেকৈয়ে কবা বুলি মই আগতেই জানিছিলো
কিন্তু তথাপি কিয় কলো জানা
মাত্ৰ এইষাৰ কথাই যাতে গোটেই জীৱনভোৰ দুখ দিব নোৱাৰে যে
ইচ! কিজানি এবাৰ খুলি কোৱা হলে.......
যদিও প্ৰস্তুত আছিলো কপিছিলো তোমাৰ সেইষাৰ মাতত
নাজানো বাকৰুদ্ধ নে শ্বাসৰুদ্ধই হৈছিলো
মাত্ৰ তোমাক নেদেখুৱাবলৈয়ে দুখখিনি
ক্ষন্তেক পিছতেই হাঁহিছিলো
তুমিতো মোৰ প্ৰেম, মোৰ ভালপোৱা
কিন্তু তাৰবাবে জানো দায়ী মই
তোমাৰ প্ৰত্যাখানত ঘূণীয়া হোৱা সেই আশাবোৰ
মোৰ সেই সপোনবোৰৰ বাবে দায়ী তুমি
মই নহয়
তুমি কৈছিলা ‘Like’ যাতে ‘Love’ লৈ পৰিৱৰ্তন নহয়
আৰে, তোমাৰ দৰে ছোৱালীলৈ মোৰ মানসিক বিকাৰ থাকিলেহে প্ৰেমত
নপৰিম
কিযে কোৱা
আৰু অকল ময়েই কিয়, হাজাৰজনে পৰিব তোমাৰ প্ৰেমত
কিজানি তুমি নিজেই পৰিছা তোমাৰ নিজৰ প্ৰেমত
চোৱা চোৱা, সৌৱা পূৰ্ণিমাৰ আকাশত সেইটো জোন নহয় তুমি
কিদৰে ক্ৰমান্নয়ে গতি কৰিছা মোক এৰি পশ্চিমৰ দেশ বুলি
হাঃ, হাঃ হাঃ হাঃ হাঃ
তুমি যে সুধিছিলা এইবাৰ পূজাত কি পিন্ধিম
অহ, মা কামাখ্যাৰ শপত মনত আছে হা ?
হাঃ হাঃ হাঃ হাঃ
মই বাৰু আজিকালি কিবা প্ৰলাপ বকিব ধৰিছো নেকি নে ভ্ৰম
নে সঁচাকৈ এতিয়া মই মানসিক বিকাৰগ্ৰস্ত
ঠিক ধৰিব পৰা নাই
যদি সচাঁ হয়, ইয়াৰ বাবে কিন্তু দায়ী তুমি নহয়
এইবাৰ দায়ী মই
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment