Friday, 24 January 2014

পানী

সৃষ্টিতে সবেই স্বচ্ছ, বৰণহীন
শিলে শিলে বৈ আহি শীতল আৰু পবিত্ৰ
কুলুকুলু শব্দ কৰি ঝৰ্ণাৰে নিগৰে

সমতলত পৰে
বোকাৰে লগলাগি নৈৰে গতি কৰে
নৈতযে বোকা থাকিবই
কাচ্ছিৎ কিছুমানহে তাত সৌভাগ্যশীল হয়

উচান আহে
হাজাৰ বান্ধ ভাগি
শত মোথাউৰি ছিঙি
খালত সোমায় কিছু পথাৰত যায় বহু
শুকাই ক্ষীণাই আজীৱন লেতেৰা হৈ পৰে

দিকভ্ৰষ্ট নহৈ অনেকেই
লেতেৰা নৈৰেই গতি কৰে
ধৈৰ্য্য ধৰে
দিন আহে সাগৰত পৰে
বৰণ ৰঙীন হৈ পৰে

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment