পূজা চাবলৈ যাবানেকি অনুৰাধা
শক্তিৰ পূজা শান্তিৰ
পূজা
চামো দিয়া তুমি
ভালপোৱা ৰঙা-নীলা
আনন্দ জাকজমকতা
প্ৰযুক্তিবিদ্যা
কি চাবা তুমি পূজাত
ভক্তি চাবা ঐক্য চাবা
বিশ্বাস ভালপোৱাও কি
তাতে চাব পাৰিবা
পূজালৈ যোৱা যদি
আহিবা
নাযাওঁ বুলি নকবা
অনুৰাধা
অকলেও নাযাবা
হাজাৰ মহিসাসুৰক মাত্ৰ
এজনী দুৰ্গাই
কিদৰে নাশিব কোৱা
তুমি যদি যোৱা
খোজকাঢ়িয়েই যাম দিয়া
যদুমণিকো মাত দি
পদুমণিহঁতৰ
আগচোতালেদি
যাওঁতে তোমাক পথাৰৰ আশা
দেখুৱাম
হাজাৰ শ্ৰমৰ প্ৰতিসৰণ
দেখুৱাম
শুকুলা মেঘে কিদৰে
কঁহুৱাৰ প্ৰেমত পৰে
দেখা নাই যদি সিদিনাই
দেখুৱাম
তুমি দুৱৰিৰ ৰং চুবা
শৰৎ শৰৎ
লগা আহিনৰ গোন্ধ সানিবা
ফৰকাল বতৰ ষষ্ঠীৰ জোন
কি
দেখিলেহে লেখিবা
আকৌ, খহনীয়াত
আক্ৰান্ত নৈ দেখুৱাম
জুয়ে পোৰা জীৱন
দেখুৱাম
কিহৰ যুক্তিত কোনে
পূজাক নুপূজে
তাৰো হাজাৰ দৰ্শণ
শুনাম
পিছে তুমি কি ভাবা বাৰু অনুৰাধা
কিহৰ বাবেনো এই পূজা
ভয় বিশ্বাস নে পৰম্পৰা
নে মাথো ই শৰৎ বন্দনা
তুমি যি বুজা বুজিবা
পূজাত কিনা তোমাৰ হাঁহিৰ বিনিময়ত
গুছিব পাৰে কাৰোৱাৰ দুখৰ সন্ধিয়া
হয়তো ইও এক কাৰক অনুৰাধা
সি যি কিয়েই নহওঁক
তথাপিতো পাতিবই লাগিব পূজা
যাবই লাগিব কৰিবই লাগিব সেৱা
ধৰ্মীয় পৰম্পৰা বুলি তুমিও জানা মানা
এনেকৈয়ে নিয়ৰ গছকি সন্ধিয়া উভতিম দিয়া
জিলমিল তৰা মৃদু বতাহ শেৱালীৰ সুবাহ
উভততেই ল’বা
নিশা বিছনাত দিনটো পাগুলতে মাত্ৰ এষাৰ
কথাই ভাবিবা
মানব মংগলত এইবাৰ পূজাত আমি কৰিলোনে
কিবা
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment