মোৰ কবিতা এপাত শৰ হওঁক
তোমাৰ বুকু ভেদি গুছি যাওঁক
তুমি হব পাৰা কোনো অন্যায়কাৰী
তুমি হব পাৰা কোনো ধৰ্ষণকাৰী
হব পাৰা তুমি কোনো লুচ্ছা-গুণ্ডা
কিম্বা সমাজ অপকাৰী কোনো কীট-পৰুৱা
মোৰ শৰত আহত হ’লে
কবিতাৰ শৰত মূৰ্চ্ছনা গ’লে
এন্ধাৰো শুৱনি হব প্ৰতিটো নিশাতে
কবিতাৰ বিষ লাগি তোমাৰ কলিজা দলক
অংগে অংগে বৈ তোমাক যন্ত্ৰাণানিত কৰক
এই বিষে আজীৱন ক্ৰিড়া কৰিয়েই থাকক
মোৰ শৰত তুমি বিদ্ধ হ’লে
হৃদয় উপচি মানৱতা নিগঢ়িব
দুচঁকু ওফোন্দি ভালপোৱা সৰিব
বাধা নিদিবা এইপাত শৰক
কিমান সাহসী প্ৰমাণ দিয়া
বুকু পাতি এবাৰ বিদ্ধ হোৱা
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment