বিশাল ব্ৰহ্মপুত্ৰখন আজিও দ্ৰুতবেগেৰেই বৈ গৈছে
তাৰে বালিচৰত বহি কোনোবাই স্মৃতিৰোমন্থন কৰিছে
পশ্চিমৰ আকাশত ৰঙা বেলিটোৱে বগা মেঘৰ পৰা বিদায় মাগিবলৈ লৈছে
নিজ ভাৱতে আপোন-পাহৰা হৈ সি অস্ত বেলিৰ প্ৰতিচ্ছৱি চাইছে
চিনাকি অচিনাকি নাওঁৰীয়াজনেনো কেতিয়া নাওঁ বান্ধিলে গমকেই
নাপালে
এআচুল পানী ছিটিকি পৰাতহে শান্ত মনত অশান্ত বিৰাজিলে
....ණ যজ্ঞেশ্বৰ নাথ