বৰষুণ ভাল পাবলৈ মই কোনোবা প্ৰেমিক নহয়
নহয় ফাগুনৰ কোনো শুকান লেঠেঙা
প্ৰতিটো গাজনিত বুকুখন কপে
কি ঠিক
কোন টোপালে বা পঁজাটি উটুৱাই নিয়ে
আকৌ......
খেতিতেই শেষ আশা
বৰষুণ পৰিলেও দুখ
বৰষুণ নপৰিলেও দুখ
....ණ যজ্ঞেশ্বৰ নাথ