আপুনি যদিহে আহে
ব্ৰহ্মপুত্ৰৰ
পাৰত আৱেলি এটা ৰিজাৰ্ভ কৰি থম
একেলগে দুয়ো বহি
এপেগ এপেগকৈ
স্মৃতি পান কৰিম
কেইটামান টকাৰ
বিনিময়ত
জীৱনটো বিক্ৰী
কৰিছে আপুনি
ময়ো!
আহক আপুনি
এটা আৱেলিৰ
বিনিময়ত পাহৰি যাওঁ
কোন এতিয়া আমি
কৰ্মই খং কৰিবতো,
কৰক
বিবেকে দুখ কৰিবতো,
কৰক
আপুনি আহক
এআৱেলিৰ বাবে
মাতাল হৈ
জীৱনটো সজীৱ কৰো
বলক
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment