Sunday, 22 June 2014

অকবিতা

চাহপাত, অকণমান চেনি
গাখীৰ আৰু পানী দিলে
চাহখিনি আপুনি নিজেও কৰিব পাৰে।
ঘৰুৱা আদা, ডালচেনি পাত আৰু বেলগুৰি
নিদিলোয়ে যেনিবা আজি

উকা কাগজ, অভিধান এখন
আৰু কলমো এটা দিলোঁ।
আপুনিয়েই লিখকচোন কবিতা এটা আজি
ছন্দ, যথোচিত শব্দ আৰু সুখপাঠ্য
নহ’লেও গ্ৰহণযোগ্য

.... যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment