নুমাইতো দিব
নোৱাৰি
উমি উমি জ্বলা
জাৰৰ জুইকণ
পুহৰ নিশাৰ শেষ
ভৰষাকণ
কিদৰেনো নুমাও
হেজাৰ ভালপোৱাৰ
শেষ আশাকণ
জীৱনৰো জীৱনকণ
এইযে মোৰ আশাকণ
ন-বোৱাৰীৰ সঘনাই
মালৈ মনত পৰাৰ সমান
এইযে মোৰ ৰসায়ন
যেন ধুম্ৰ-মদিৰাৰ
সংমিশ্ৰণ
তুমি কোন?
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment