Friday, 21 February 2014

তেতিয়াৰ ফাগুন

তেতিয়াৰ দিনতো ফাগুন আছিল
মাঘক আলফুলে বিদায় দি
বহাগক আঁদৰিছিল
উদাসীনতা
উন্মাদনাই
বুকুত খুন্দিছিল

কিবা যেন নাই কিবা যেন নাই লাগিছিল
তথাপিও কিন্তু বহুত কিবা-কিবিয়েই আছিল

জুমবান্ধি ল’ৰাবোৰে বগৰী পাৰিছিল
মহাজনৰ বাৰীৰ কঠালকলি হৰিছিল
গৰু চৰাইছিল
ধুলি উৰিছিল
বাঁহৰ আগত চিলা ছিঙিছিল
ল বান্ধি নৰাবাৰীত বাটিপখি খেদিছিল
আইৰ মনত কিন্তু বৰ ভয়ভাৱ আছিল
তেতিয়াৰ ফাগুনত সোপাধৰা আছিল

ককাৰ যাত্ৰাক ফাগুনে আগভেটি ধৰিছিল
সেয়ে ধুতিৰ আগ দাঙি দাঙি ছাইকেল ঠেলিছিল
তেতিয়াও আইতাৰ জাৰ গুছাই নাছিল
শুকান গোৱৰ
সৰা পাতত জুই জ্বলাইছিল
দূৰৈৰ পাহাৰ দাউ-দাউকৈ সন্ধিয়া জ্বলি উঠিছিল
আমাৰ মনত কিন্তু নিশা বৰ ভয়ভাৱ জাগিছিল
আইতাৰ ফাগুনত ভূত আছিল

দেউতাৰ পথাৰত আহুৰ হাল ঘূৰিছিল
আইয়ে খেতিৰ আলু তুলিছিল
পুখুৰীৰ মাছ
গড়ালৰ হাঁহ
বাৰীৰ তামোলে পূৰঠ হৈছিল
সকলোৰে মনত ফূৰ্তি আছিল
তেতিয়াৰ ফাগুনত ৰং আছিল

.... যজ্ঞেশ্বৰ নাথ

Monday, 17 February 2014

ফাগুন

ফাগুননো কত নবয়
মোৰ বুকুতো দোলা দি যায়
অবুজ প্ৰেমিকা এজনী হৈ
উটুৱাই লৈ যায়

মনৰ পৰা মনলৈ
ধুলিৰ পৰা ধৰালৈ
সকলোৱেচোন ফাগুনতে উৰে
জানো, ফাগুনৰ এনে কি মায়া আছে

এই ফাগুনেই আকৌ মৰাপাত আনে
বা লগাই সৰাপাত কৰে
শেষত তাকো
নিপাত কৰে

তথাপি, ফাগুনেনো কি নানে
স্মৃতি বুটলি অতীত আনে
আশাৰ বতৰাৰে
বহাগ মাতে

.... যজ্ঞেশ্বৰ নাথ

প্ৰেমৰ সন্ধানত

ব্যস্ত মহানগৰীৰ ফুটপাথে ফুটপাথে
ৰঙা গোলাপৰ পাহে পাহে
গোটেই দিন আজি বিচাৰি ফুৰিলো
মোৰ ভেলেণ্টাইন ক’ত?

দীঘলীপুখুৰীৰ পাৰে পাৰে
ফুচকাৰ দোকানৰ আগে আগে
ছোৱালী হোষ্টেলৰ খিৰিকিয়ে খিৰিকিয়ে
বিচাৰি বিচাৰি চলাথ কৰিলো
মোৰ প্ৰেম কতো বিচাৰি নাপালো।

অকণমানি এজনে চিটিবাছত
আসন এৰি দি মোক কলে- দাদা বহক
মৰমেৰে ধন্যবাদ এটি দি মনতে ভাৱিলো
মোৰ অনুসন্ধান ইয়াতে সামৰোঁ
ভালপোৱা কি, এই কণমানিজনতে পালোঁ। 

.... যজ্ঞেশ্বৰ নাথ

Thursday, 13 February 2014

ফাগুনী

ফাগুনী অ, আকৌ ফাগুন আহিছে
শিশু হওঁ শিশু হওঁ
চিলা উৰোৱাও আহ

ডাঙৰ হলেও লাজ নকৰিবি ঐ
ফাগুনী বতাহ এয়া
এইবাৰ চিলা মইয়েই হওঁ ফাগুনী
মাথো সূতাডাল ধৰিবি

ভালকে টানিবি অই সূতা
চিঙিব চাবি
হেৰোৱাৰ দুখত নহলে গোটেই বহাগ কান্দিবি

.... যজ্ঞেশ্বৰ নাথ

Monday, 10 February 2014

আহাৰৰ আধিয়াৰী কৃষক

খং, দুখ আৰু অসামৰ্থ্যতাৰ মিশ্ৰণত
সি এক আহাৰৰ আধিয়াৰী কৃষক
পাইও হাঁহিব নোৱাৰে
কান্দিলেও যে কিবা হব, তাকো জানে

আৰু মই ?
সেই খং, দুখ, অসামৰ্থ্যতা,
আহাৰ, আধিয়াৰী কৃষকৰ পটভূমিত ৰচা
এক জীৱন্ত কবিতা।

.... যজ্ঞেশ্বৰ নাথ

Monday, 3 February 2014

বন্ধুত্ব

ইমান সহজ হয় জানো বন্ধুত্ব
যে এটা ক্লিকতেই বন্ধু উপলব্ধ

ভাৱৰ অকণমান আদান-প্ৰদান আৰু
খুৱ বেছি Like, Share বা Comment

সংজ্ঞাও সলনি হ
সংখ্যাও সলনি হ

হওঁক হওঁক তেও, তেনেকে নহৈ যদি এনেকৈয়ে হয়
আপত্তি নো কিহৰ

.... যজ্ঞেশ্বৰ নাথ

Sunday, 2 February 2014

ভুলতো কেতিয়াও মোৰ কবিতা নপঢ়িবা

এৰা, একেখিনি অনুভৱৰেনো আৰু কিমান লিখিম কবিতা
ভালপালে এবাৰ ভালপাওঁ বুলি কোৱা
নাইবা নাপালে নাই বুলিয়েই কোৱা
মইনো কি কৰিব পাৰো, কবি মই
মাথো অনুভৱখিনি সলাই দিয়া
লিখিয়েই যাম তোমাৰ নামত আকৌ কবিতা

মনত আছে, তোমাক প্ৰথম দেখাৰ দিনাই লিখিছিলো মোৰ প্ৰথম প্ৰেমৰ কবিতা
আৰু শেষ দেখাৰ দিনাই লিখিম হয়তো মোৰ শেষ কবিতা
ভাল-বেয়া নাপালেও নাই, ঘৃণা কৰিবা
অৱজ্ঞা কৰিবা উলাই কৰিবা
মাথো তোমাৰ প্ৰতি থকা মোৰ অনুভৱবোৰ সলাবা

কিন্তু চাবা
ভুলতো কেতিয়াও মোৰ কবিতা নপঢ়িবা
অন্যথা মোৰ প্ৰতি থকা তোমাৰ অনুভৱখিনি কেতিয়া সলনি হয়
তুমিয়েই গম নাপাবা

.... যজ্ঞেশ্বৰ নাথ