এৰা, একেখিনি
অনুভৱৰেনো আৰু কিমান লিখিম কবিতা
ভালপালে এবাৰ
ভালপাওঁ বুলি কোৱা
নাইবা নাপালে নাই
বুলিয়েই কোৱা
মইনো কি কৰিব
পাৰো, কবি মই
মাথো অনুভৱখিনি
সলাই দিয়া
লিখিয়েই যাম
তোমাৰ নামত আকৌ কবিতা
মনত আছে, তোমাক
প্ৰথম দেখাৰ দিনাই লিখিছিলো মোৰ প্ৰথম প্ৰেমৰ কবিতা
আৰু শেষ দেখাৰ
দিনাই লিখিম হয়তো মোৰ শেষ কবিতা
ভাল-বেয়া নাপালেও
নাই, ঘৃণা কৰিবা
অৱজ্ঞা কৰিবা
উলাই কৰিবা
মাথো তোমাৰ প্ৰতি
থকা মোৰ অনুভৱবোৰ সলাবা
কিন্তু চাবা
ভুলতো কেতিয়াও মোৰ
কবিতা নপঢ়িবা
অন্যথা মোৰ প্ৰতি
থকা তোমাৰ অনুভৱখিনি কেতিয়া সলনি হয়
তুমিয়েই গম
নাপাবা
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment