ফাগুননো ক’ত নবয়
মোৰ বুকুতো দোলা
দি যায়
অবুজ প্ৰেমিকা
এজনী হৈ
উটুৱাই লৈ যায়
মনৰ পৰা মনলৈ
ধুলিৰ পৰা ধৰালৈ
সকলোৱেচোন
ফাগুনতে উৰে
জানো, ফাগুনৰ এনে
কি মায়া আছে
এই ফাগুনেই আকৌ
মৰাপাত আনে
বা লগাই সৰাপাত
কৰে
শেষত তাকো
নিপাত কৰে
তথাপি, ফাগুনেনো
কি নানে
স্মৃতি বুটলি
অতীত আনে
আশাৰ বতৰাৰে
বহাগ মাতে
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment