Wednesday, 29 January 2014

কিমান চেষ্টা বিফল হ’লে ভাগ্যত বিশ্বাস হয়

কিমান চেষ্টা বিফল হলে বাৰু ভাগ্যত বিশ্বাস হয়
আত্মবিশ্বাস হেৰায়
শণিবাৰে মংগলবাৰে ব্ৰত থকা হয়
গ্ৰহ-ৰত্নৰে আঙুলি শুৱায়
কিমান

ক’ব গ’লে ভাগ্যত বিশ্বাসী মই কোনো জ্যোতিষীও নহয়
কৰ্মত অবিশ্বাসী কোনো নিষ্কৰ্মাও নহয়
সেয়ে কিজানি দুখ লাগে
অসফল হলে
বাৰে বাৰে

বলীয়েতো হাতৰ জোৰ চায়
দুৰ্বলীয়েহে হাতৰ ৰেখা চায়
আৰু মই
বল দি দি এতিয়া দুৰ্বলী
ধেই

অন্ধবিশ্বাসীও নহও মই বিজ্ঞান বিশ্বাসী
তথাপিও বিশ্বাস হেৰায়
কৰ্মস্পৃহা লোপ পায়
জানো, কিমান চেষ্টা বিফল হলে ভাগ্যত বিশ্বাস হয়

বহুতেই কয়, ভাগ্য বুলি একো নাই, ভাগ্যখিনি আচলতে এলাহৰ মাজত লুকাই থাকে
এৰা ! লুকাইয়ে থাকক লাগিলে, তথাপি কিন্তু ভাগ্যখিনি কৰবাত থাকিয়েই যায়

.... যজ্ঞেশ্বৰ নাথ 

Sunday, 26 January 2014

Law পঢ়ি বেয়া পালেও কিন্তু J.B. কলেজখনক ভাল লাগে

Law পঢ়ি বেয়া পালেও কিন্তু J.B. কলেজখনক ভাল লাগে
কিয় জানেনে
হে মোৰ প্ৰেমৰ অধিবক্তা
অন্তঃত তুমি নাজানো বুলি নকবা
কি আইনে কোন প্ৰেম ভাঙে

Law-য়ে প্ৰেম ভাগে নে গঢ়ে
প্ৰেমে কিন্তু Law নামানে
সেয়ে J.B. কলেজতো প্ৰেম জন্মে

সঁচাই, Lawৰ ফাঁকে ফাঁকে প্ৰেম আছে
প্ৰেমৰ মাজে মাজেও Law আছে
ইমান অধিবক্তা আছে
তথাপি J.B. কলেজতো কেছ আছে

আচলতে আইন আছে বাবেইতো ইমান কেছ আছে
ইমান কেছ আছে বাবেইতো J.B. কলেজো আছে
J.B. কলেজ আছে বাবেই Law আছে
Law আছে বাবে তাইও আছে
আৰু তাই আছে বাবেই....

Law পঢ়ি বেয়া পালেও কিন্তু J.B. কলেজখনক ভাল লাগে

....ණ যজ্ঞেশ্বৰ নাথ

Saturday, 25 January 2014

ঢাপ (এক শব্দ)

দোভাগ নিশা তোমালৈ মনত পৰিলে
খিৰিকিখন খুলি সন্মুখলৈ চাওঁ

এজাক জোনাকমিহলি মিঠা বতাহ সোমাই আহে
দুচঁকুত খুন্দা মাৰে শেৱালীৰ প্ৰতিফলিত ৰশ্মি

অতীতলৈ উৰা মাৰে মোৰ আবেগভৰা মন

শুনা, কাইলৈতো লখিমী পূজা
তোমাৰ মনত বাৰু লখিমী কোন
কি ভাৱিছা বাৰু তুমি ইমান নিশাখন  
এইয়া চোৱা, মই হাঁহিছো
তুমিনো কিমান কবি, মোক লৈ এটা কবিতা কোৱাচোন
কি হল কোৱা আকৌ
সৌ যে জোনটো চাইছা, তাৰে শপত দেই
জীয়াই থাকো মানে আমি দুয়ো বছৰি ইয়াত পূজা দিম হা
আৰু এটা কথা কওঁ
মন্দিৰত সেই লখিমীজনীক চাইছা
আমাৰ কাৰণেহে তাই লখিমী
কিন্ত তোমাৰ কাৰণে ময়েই লখিমী
উফঃ, তুমি একোই নামাতাই যাহ্
ঢাপ (তাইৰ হাতেৰে মোৰ পিঠিত এক মৃদু খুন্দাৰ শব্দ)

ঢাপ(এক শব্দ)
জোৰকৈ বলা বতাহত খিৰিকিখন জাপ খালে 

....ණ যজ্ঞেশ্বৰ নাথ

সৰু কবিতা

সৰু কবিতা ভাল পাবা জানো
সৰু সৰু দুখ সৰু সৰু সুখ
সৰু সৰু কথা সৰু সৰু বতৰা
সৰু সৰু ভাষা কিন্তু অলেখ কৱলগীয়া......

....ණ যজ্ঞেশ্বৰ নাথ

এয়াই জীৱন

ভালো নাপাওঁ বেয়াও নাপাওঁ
পূৰ্ৱাৰম্ভ

ভাল পালো
আৰম্ভ

বেয়া পালো
শেষ

ভালো পালো বেয়াও পালো
আজীৱন

এয়াই জীৱন......

....ණ যজ্ঞেশ্বৰ নাথ

অনুৰাধাৰ তুমি

ফাগুনৰ সন্ধিয়া তোমাক মই বিচাৰি ফুৰো
অনুৰাধাৰ প্ৰত্যেকজনী ছোৱালীৰ মুখলৈ চাই
এইজনী তুমি.. উফঃ নহয়, সেইজনী তুমি.. বুলি
হাজাৰজনী ছোৱালীৰ মাজত মই মৰিচীকা দেখো।

তোমাৰ দুওঠত লাগি থকা হাঁহি আৰু নাকফুলিয়ে
ফাগুনী হৈ মোৰ সপোন গঢ়ায়
তোমাৰ দুচঁকুৰ সৰলতা আৰু অমায়িকতাই
প্ৰেৰণা হৈ মোৰ টোপনি ভঙায়।

অনুৰাধাৰ প্ৰত্যেকটো সন্ধিয়া কিম্বা আবেলি
বিচাৰি ফুৰো মই তোমাকেই চলাথ কৰি
অনুৰাধাৰ ফুটপাথ, অনুৰাধাৰ ষ্টপেজ
অনুৰাধাৰ আকাশ, অনুৰাধাৰ গোন্ধ
চিনাকি হোৱা মোৰ বহুত দিনেই হল।

চিনাকি হোৱা নাই মোৰ তোমাৰ লগত ভালদৰে
যদিওবা কেতিয়াবা কিবা মাধ্যমেৰে
চিনাকি হব খোজো মই
মনেৰে
প্ৰাণেৰে।

তুমি মেৰুণৰঙী মেখেলা-চাদৰেৰে খোজ দিলে
চঞ্ছল হৈ উঠে অনুৰাধাৰ ফুটপাথ
আকাশেও সলায় বৰণ
গাভৰু হৈ উঠে গোটেই অনুৰাধাখন।

ফাগুনী বতাহে অনুৰাধাত তোমাৰ সুবাহ বিয়পায়
তোমাৰ লাহৰী খোজৰ ভাঁজ সেই সুবাহত ভাষ্কৰ্য্য হৈ ৰয়
অনুৰাধালৈ যিমানবাৰেই যাঁও
ডাঙৰ ডাঙৰ হৰ্ডিংবোৰত যেন তোমাকহে পাঁও
সেয়ে প্ৰত্যেকজনী ছোৱালীলৈ জুকিয়াই চাঁও
সঁচাকৈয়েই কিজানি তোমাকেই লগ পাঁও।

তোমাৰ অমিয়া মাতে অনুৰাধাত সুৰৰ ঝংকাৰ তুলে
কুলি কেতেকিৰ মাতো তাত নিষ্প্ৰভ হৈ পৰে
কবিয়ে পাহৰে কবিতা  
গায়কেও গান।

আজি কিন্তু অনুৰাধাক ফাগুনে চঞ্ছল কৰিব পৰা নাই
ফাগুনে অনুৰাধাত মান হেৰুৱাইছে
কেৱল তোমাৰ বাবেইহে আজি অনুৰাধা চঞ্ছল
তুমি আছা বাবেই অনুৰাধাত ফাগুন আহিছে।

পাৰিলে আজি সন্ধিয়া বা আবেলি তুমি অনুৰাধাত ওলাবা
জনঅৰণ্যত মাথো ধুমকেতু নহবা
ফাগুনী এজাক হৈ আহিবা
বতাহত মোৰ উৰিবৰ মন।

....ණ যজ্ঞেশ্বৰ নাথ

অপহৰণ

আপুনি বাৰু কেতিয়াবা অপহৃত হৈছিল নেকি

জীৱনৰ পৰা
সময়ৰ পৰা
আত্মীয়ৰ পৰা

নাই, মাহী আইৰে যন্ত্ৰাণিত হৈ মুক্তি বিচৰা নাই
দুষ্টপন্থীৰো মুক্তিপণৰ সোৱাদ বিচৰা নাই

অলপ অপহৃত হব খুজিছো নিজৰ পৰা
যান্ত্ৰিকতাৰ পৰা
ক্ষন্তেক একাত্মতা বিচাৰিছো মই মোৰ
আন্তৰিকতাৰ পৰা

....ණ যজ্ঞেশ্বৰ নাথ