Sunday, 23 November 2014

চিন্তনীয়

বানে-খোৰাঙে তাৰ সোণালী নহ
হালধীয়া চৰাইৰো বদনাম হ

বিনা মৰণাৰে খেৰ হ
কাৰোৱাৰ আঘোণ কেলেণ্ডাৰতে ৰ

শুনিছো,
অহাবাৰ আহাৰত হেনো সি আৰু নেপেলায় লুণীয়া ঘাম!

এয়াযে নহয় মাত্ৰ এটি উদাহৰণ
বহু গাঁওতে আজিকালি এনেকুৱাই হ

.... যজ্ঞেশ্বৰ নাথ

মদ

আন আজি মদকে খাওঁ
উমি উমি জ্বলা বুকুৰ বিষাদবোৰক
এলকহল ঢালি পুৰি পেলাওঁ

.... যজ্ঞেশ্বৰ নাথ

সম্পৰ্ক

অভিধানত বিচাৰি পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত
কথা হৈছিল মাথো এটা নতুন সম্পৰ্ক গঢ়াৰ
লাহে লাহে, লাহে লাহে
এটা নতুন সম্পৰ্ক গঢ়িও উঠিছিল!

কেতিয়াও নজনা কেতিয়াও নুশুনা এক অজান সম্পৰ্ক!

কিজানি অনুভৱহে কৰিছিলোঁ সেই নৱতম সম্পৰ্ক
কিন্তু নামকৰণ কৰাৰ ঠিক আগ-মুহুৰ্ততে
দুয়ো দুয়োকে হত্যা কৰিছিলোঁ।

ভুল নুবুজিব
অভিধানত বিচাৰি পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত

.... যজ্ঞেশ্বৰ নাথ

ক্ৰীড়া

হৰা-জিকা মানেইতো ক্ৰীড়া
ক্ৰীড়াত হৰা-জিকা থাকিবই
হাৰি হাৰি জিকা
জিকি জিকি হৰাৰো
আমেজ সুকীয়া

জীৱনততো হৰা-জিকা থাকে!
জীৱনো এক ক্ৰীড়া?

কিছুমান ক্ৰীড়াত হৰা-জিকা নাথাকে
হয়তো কিছুমান জীৱনতো হৰা-জিকা নাথাকে

তথাপি,
জীৱন আৰু ক্ৰীড়া
এয়াই এতিয়া মোৰ জীৱনক্ৰিয়া

.... যজ্ঞেশ্বৰ নাথ

কবিতাৰ অস্ত্ৰোপচাৰ

অজস্ৰ বেদনাত ছটফটাই থকা কবিতা এটাৰ এন্ধাৰ কোঠালিত ধিমিক-ধামাককৈ জ্বলা মমৰ পোহৰত অস্ত্ৰোপচাৰ কৰা হল। 

মমডাল কেতিয়াবাই নুমাই গ’ল।

কবিতাটোও কৰবাত হেৰাই গ’ল।

অন্ধকাৰ কোঠালিটোত এতিয়া সি নিজেই এটা কবিতা হৈ ৰল!

.... যজ্ঞেশ্বৰ নাথ

Saturday, 13 September 2014

আহ্বান

আহা,
আহা
শেষবাৰৰ বাবে উটি যাওঁ নৈখনত
ঢৌতে এৰি দি সময়ৰ সোঁত
(
কি কৰিবা!!)
অন্তিমবাৰৰ বাবে তিতি চাওঁ বৰষুণত
তাৰ পিছত,
তাৰ পিছত
তুমি এপাৰত
মই আনপাৰত

.... যজ্ঞেশ্বৰ নাথ

Saturday, 30 August 2014

কামনা

সিওতো এখন নৈ।
দুখ লাগে জানা
যেতিয়া, ভৰ বাৰিষাতো থাকে সি শুকাই ক্ষীণাই!

মুষলধাৰ এজাক তাৰ বাবেই আহক
পাৰ ভাঙি অবাধ্য হওঁক

.... যজ্ঞেশ্বৰ নাথ