অজস্ৰ বেদনাত
ছটফটাই থকা কবিতা এটাৰ এন্ধাৰ কোঠালিত ধিমিক-ধামাককৈ জ্বলা মমৰ পোহৰত অস্ত্ৰোপচাৰ
কৰা হ’ল।
মমডাল কেতিয়াবাই
নুমাই গ’ল।
কবিতাটোও কৰবাত
হেৰাই গ’ল।
অন্ধকাৰ
কোঠালিটোত এতিয়া সি নিজেই এটা কবিতা হৈ ৰ’ল!
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment