Sunday, 23 November 2014

কবিতাৰ অস্ত্ৰোপচাৰ

অজস্ৰ বেদনাত ছটফটাই থকা কবিতা এটাৰ এন্ধাৰ কোঠালিত ধিমিক-ধামাককৈ জ্বলা মমৰ পোহৰত অস্ত্ৰোপচাৰ কৰা হ’ল। 

মমডাল কেতিয়াবাই নুমাই গ’ল।

কবিতাটোও কৰবাত হেৰাই গ’ল।

অন্ধকাৰ কোঠালিটোত এতিয়া সি নিজেই এটা কবিতা হৈ ৰ’ল!

....ණ যজ্ঞেশ্বৰ নাথ

No comments:

Post a Comment