অভিধানত বিচাৰি
পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত
কথা হৈছিল মাথো
এটা নতুন সম্পৰ্ক গঢ়াৰ
লাহে লাহে, লাহে
লাহে
এটা নতুন সম্পৰ্ক
গঢ়িও উঠিছিল!
কেতিয়াও নজনা
কেতিয়াও নুশুনা এক অজান সম্পৰ্ক!
কিজানি অনুভৱহে
কৰিছিলোঁ সেই নৱতম সম্পৰ্ক
কিন্তু নামকৰণ
কৰাৰ ঠিক আগ-মুহুৰ্ততে
দুয়ো দুয়োকে
হত্যা কৰিছিলোঁ।
ভুল নুবুজিব
অভিধানত বিচাৰি
পোৱা কোনো এটাও সম্পৰ্ক নাছিল আমাৰ মাজত
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment