Sunday, 22 June 2014

ঠিকনা

এবাৰ লগ পাও বুলি মোৰ ঠিকনাত খোজ নিদিবা
সঘনাই সলনি হয় মোৰ বৰ্তমানৰ ঠিকনা
ভিন-ভিন গাঁওে-ভূঞে
ইখন-সিখন চহৰে নগৰে
গঢ়ি উঠে মোৰ অস্থায়ী ঠিকনা।
একেটা নম্বৰত ফোন কৰি কৰিও
হৱাটছ্এপত বাৰ্তা দি দিও
মোৰে সংযোগ নহবও পাৰা
পৰ্বতে-জংঘলেনো ইণ্টাৰনেট সেৱা
দেশে-বিদেশেও সলনি হয় নম্বৰ সংখ্যা
স্থায়ী ঠিকনাত মোক, নাই নাই নাপাবা

অস্থায়ী ঠিকনাৰে মোৰ অস্থায়ী জীৱন!

এতিয়া মনো অস্থায়ী
কেতিয়াবা আকাশত
কেতিয়াবা বতাহত
-
মুহূৰ্তে-মুহূৰ্তে মন দেহৰ বাহিৰত
সেয়ে সন্মুখত দেখিও কেতিয়াবা নামাতিলে আঁচৰিত নহবা
মনো এতিয়া সলায় তাৰ স্থায়ী ঠিকনা

.... যজ্ঞেশ্বৰ নাথ 

শ্ৰদ্ধাঞ্জলি

শিল্পীয়েই যেতিয়া হেৰাই যায়
সংষ্কৃতিও দুখোজ পিছ পৰি ৰয়
অনুভৱ নকৰাকৈয়ে লোপ পায়
অলেখ অনুভূতি

মেৰুদণ্ড ভাঙি যায়
হাহাকাৰ কৰি উঠে এটা জাতি
শোকাকুল অনুৰাগীয়ে কি কৰিব
চঁকুলোত সেমেকে মেদিনী

তেতিয়া তেওঁ আছিল
আশাও আছিল
এতিয়া যে ভাষাও নাই!

.... যজ্ঞেশ্বৰ নাথ 

কবিতাৰ কানন

কোননো মই এই কবিতাৰ কাননত?
এপাহ ফুল হলেওতো কথা নাছিল
নাইবা পলসুৱা এডৰা মাটি!
এতিয়াযে মই
ভাঙি যোৱা এক নিৰ্জীৱ ফুলদানি

.... যজ্ঞেশ্বৰ নাথ 

মোৰ মন

কামাখ্যাৰ এডাল এডাল মালা তোমাক পিন্ধাই চাব মন
সেউজীয়া সানি সানি
তোমাৰ সৈতে একেলগে
কামাখ্যাৰ পৰা মোৰ তললৈ খোজকাঢ়ি নামিবৰ মন

.... যজ্ঞেশ্বৰ নাথ 

ৰুমাল

চঁকুপানীৰে দুখখিনি ধুই
তোমাৰ সাহসত শুকুৱাই তুলিলোঁ।
দুখকেই মচিবলৈ এতিয়া
মই এখন তোমাৰ ৰুমাল হৈ পৰিলোঁ

.... যজ্ঞেশ্বৰ নাথ 

Saturday, 21 June 2014

ভালপোৱা

তুমি যদি কৰবাৰ পৰা চাই আছা
এবাৰ সমাধিস্থললৈ আহিবা
তোমাৰ সমাধিত
মোৰেই নামফলক দেখিবা

.... যজ্ঞেশ্বৰ নাথ 

ভ্ৰম

যদিও জানো
কাহানিও আৰু তুমি মোৰ নোহোৱা
তথাপি এনে লাগে
এই যেন তুমি ঘূৰি আহিবা

.... যজ্ঞেশ্বৰ নাথ