Sunday, 22 June 2014

ঠিকনা

এবাৰ লগ পাও বুলি মোৰ ঠিকনাত খোজ নিদিবা
সঘনাই সলনি হয় মোৰ বৰ্তমানৰ ঠিকনা
ভিন-ভিন গাঁওে-ভূঞে
ইখন-সিখন চহৰে নগৰে
গঢ়ি উঠে মোৰ অস্থায়ী ঠিকনা।
একেটা নম্বৰত ফোন কৰি কৰিও
হৱাটছ্এপত বাৰ্তা দি দিও
মোৰে সংযোগ নহ’বও পাৰা
পৰ্বতে-জংঘলেনো ক’ত ইণ্টাৰনেট সেৱা
দেশে-বিদেশেও সলনি হয় নম্বৰ সংখ্যা
স্থায়ী ঠিকনাত মোক, নাই নাই নাপাবা

অস্থায়ী ঠিকনাৰে মোৰ অস্থায়ী জীৱন!

এতিয়া মনো অস্থায়ী
কেতিয়াবা আকাশত
কেতিয়াবা বতাহত
অ’ত- ত’ত
মুহূৰ্তে-মুহূৰ্তে মন দেহৰ বাহিৰত
সেয়ে সন্মুখত দেখিও কেতিয়াবা নামাতিলে আঁচৰিত নহ’বা
মনো এতিয়া সলায় তাৰ স্থায়ী ঠিকনা

....ණ যজ্ঞেশ্বৰ নাথ 

No comments:

Post a Comment