শিল্পীয়েই যেতিয়া
হেৰাই যায়
সংষ্কৃতিও দুখোজ
পিছ পৰি ৰয়
অনুভৱ নকৰাকৈয়ে
লোপ পায়
অলেখ অনুভূতি
মেৰুদণ্ড ভাঙি
যায়
হাহাকাৰ কৰি উঠে
এটা জাতি
শোকাকুল অনুৰাগীয়ে
কি কৰিব
চঁকুলোত সেমেকে
মেদিনী
তেতিয়া তেওঁ আছিল
আশাও আছিল
এতিয়া যে ভাষাও
নাই!
....ණ যজ্ঞেশ্বৰ নাথ
No comments:
Post a Comment