JAJNESWAR's Creation
এক শাব্দিক যাত্ৰা.....
Pages
কবিতা
মোৰ বিষয়ে
মোৰ প্ৰথম কবিতা
Sunday, 5 April 2015
সুখ-দুখ
সুখ....
মই বিচৰা সাতোৰঙৰ তইয়েই একমাত্ৰ ছৱি!
দুখ....
কাৰ তুলিকাৰে জানো তই প্ৰাণ পাই উঠিলি
!!
....
ණ
যজ্ঞেশ্বৰ নাথ
কোন তুমি
তোমাৰ মাতত পখিলা পৰে
মৌ-মাখিয়েও ৰস শুহে
মোৰ দৰে দুৰ্ভগীয়াই
ৰেকৰ্ডিং কৰা মাত শ
’
তবাৰ শুনে....
....
ණ
যজ্ঞেশ্বৰ নাথ
শেষ চৰ্ত
তোমাক ভালপোৱাৰ শেষ চৰ্ত-
তুমি মোক বেয়াও পাব লাগিব।
....
ණ
যজ্ঞেশ্বৰ নাথ
বিমোৰ
তোমাক লৈ কিনো কবিতা লিখিম
তুমি নিজেই এটা কবিতা
এই শৰ
ৎ
, শেৱালী, শীত, সেউজীয়া
সকলো মাথো অপূৰ্ণ উপমা
কাইলৈতো লখিমী পূজা
বিমোৰত পৰিছোঁ
কাকনো পূজোঁ এতিয়া....
....
ණ
যজ্ঞেশ্বৰ নাথ
জীৱন এনেদৰেই
আৱেলি
আৰু
গধুলিবোৰ
হেৰাই
যোৱা
জীৱনৰ
পৰা
যেতিয়াই
ভতিয়াই
চোৱা
হয়
,
কৃত্ৰিম
পোহৰত
খিলখিলাই
থকা
ৰাতিটোৰ
মাজেৰে
এই
অবিৰত
জগততৰ
কোনোবা
এটি
কোণত
নিজকে
এক
ক্লান্ত
পথৰুৱা
যেন
অনুভৱ
হয়
জীৱনৰ
থাকে
থাকে
পৰি
ৰোৱা
হাজাৰ
-
বিজাৰ
সপোন
ফাইলবোৰত
প্ৰশ্নবোধক
চিহ্ন
এটা
ৰয়
তথাপি
,
সময়
গৈ
থাকে
জীৱন
গৈ
থাকে
মইহে
থাকো
ৰৈ
সহায়কাৰী
কোনো
ক্ৰিয়াৰ
কৃপাত
আকৌ
ঠন
ধৰোঁ
নিজে
নিজে
কথা
পাতোঁ
,
হাঁহো
অফুৰন্ত
সময়
ধৰোঁ
অবিৰত
জগতৰ
সবাতকৈ
সুখী
হৈ
পৰোঁ
এনেইতো
ক্লান্ত
জীৱন
তাতে
আকৌ
নৈশ
উৎযাপন
ধাৰিপাটিত
বহি
অংক
কৰি
কৰি
বৰশি
বাওঁ
তোমাৰ
কহুঁৱা
যেন
কোমল
চুলিত
বনগুটি
লগাওঁ
হেজাৰ
দুষ্টামিৰ
পৰিণতিত
দেউতাৰ
আঙুলিৰ
ছাঁপ
দাপোণত
গৈ
মনে
মনে
চাওঁ
এজাক
কিৰিলিত
নিজকে
হেৰাই
পাওঁ
ক্ষন্তেকৰ
বাবে
সকলো
পাহৰি
যাওঁ
অবিৰত
জগতৰ
পৰা
আঁতৰত
ৰওঁ
এনেদৰেই
হেৰাই
যায়
পূৱৰ
পুৱা
শুই
উঠিয়েই
একেই
ব্যস্ততা
....
ණ
যজ্ঞেশ্বৰ নাথ
যিটো চাওঁনিত পিয়াহ লাগি গৈছিল
কি চাওঁনি আছিল সেয়া
শুকাই যোৱা দুটি চঁকুত
বহুতো আদৰ্শ ভাঁহিছিল
মস্ত চঁকুৰ নষ্ট চাওঁনিও নাছিল
শক্তিহীন দুচঁকুৰ চাওঁনিত
বুকুতে তৃষ্ণা জাগিছিল
দহ টকাৰে পানীবটলটো কিনাৰ আগতে
শ’তবাৰ নিশ্চিত আছিলোঁ
কোনো কাৰণতে সেয়া বিপনণৰ চাওঁনি নাছিল
....
ණ
যজ্ঞেশ্বৰ নাথ
কবিতা
কোনে আজিকালি কাৰ কবিতা বুজে
সবে নিজে নিজে লিখে
কোনে কিমান কবিতা নুবুজি
আপোন কিতাপকো দলি মাৰি দিয়ে
!
এইবোৰ সব কবিতাৰ কথা
কবিয়েও নুবুজে!
....
ණ
যজ্ঞেশ্বৰ নাথ
Newer Posts
Older Posts
Home
Subscribe to:
Posts (Atom)